নিউজ ডেস্কঃ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ কাষ চাপিছে। শুনিবলৈ হয়তো আচৰিত লাগিছে। জানিব পৰা মতে, ২০১৮চনতে বিবাহপাশত আবদ্ধ হৈছিল খেলুৱৈ গৰাকী। যোৰহাটৰ নৱনীত গোস্বামী নামৰ এজন যুৱকৰ লগত বিবাহপাশত আবদ্ধ হৈছিল লাভলীনা।

নৱনীত গোস্বামীৰ সৈতে বুজাবুজিৰে বিবাহ বিচ্ছেদৰ আবেদন বিচাৰি লাভলীনা আদালতত উপস্থিত হৈছে। পাৰিবাৰিক আদালতত গোচৰ পঞ্জীয়ন কৰিছে লাভলীনা বৰগোহাঁই। ইতিমধ্যে গুৱাহাটীৰ পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদ গোচৰ ৰুজু কৰিছে লাভলীনাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply