গুৱাহাটী : হোটেল তাজ ভিভান্তাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা লাভলীনাক অভিনন্দন জ্ঞাপন। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক আজুৰি আন অসম কন্যা লাভলীনা বৰগোঁহাইৰ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছৰ কেইবাগৰকী জ্যেষ্ঠ নেতা।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা টকিঅ’ অলিম্পিকত পদক বিজয়ী অসমৰ খেলুৱৈ গৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে দলটোৰ ফালৰ পৰা তিনি লাখ টকা প্ৰদান কৰা হয়। অসমৰ গোলাঘাটৰ জীয়ৰী লাভলীনা বৰগোহাঁই আজি অসমৰ লগতে সমগ্ৰ দেশবাসীৰ বাবে এক গৌৰৱ বুলি কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

ট’কিঅ’ অলিম্পিক ২০২০ত অসম কন্যা লাভলীনা বৰগোঁহাইৰ চমকপ্ৰদ প্রদর্শনে সমগ্র দেশবাসীৰ লগতে আমাৰ ৰাজ্যখনক গৌৰৱান্বিত কৰাৰ লগতে দেশৰ ক্ৰীড়াৰ ক্ষেত্ৰলৈ এক অনন্য জোৱাৰ আনিবলৈ সক্ষম হৈছে। অসমৰ বাবে বিশেষভাৱে লাভলীনাৰ এই সাফল্য আছিল ঐতিহাসিক কিয়নো ১২৫ বছৰীয়া ইতিহাসত এয়াই হৈছে প্রথমটি অলিম্পিক পদক বুলিও কয় ভূপেন কুমাৰ বৰাই।

লগতে পঢ়ক : ছেপ্তেম্বৰ মাহৰ ভিতৰতেই মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

অনাগত সময়ত লাভলীনা আৰু অধিক সফল হওক। নিষ্ঠা, একাগ্ৰতাৰ বলেৰে লাভলীনাই সফলতাৰ সু-উচ্চ শিখৰ স্পৰ্শ কৰক তাৰেই কামনাৰে কৰে লাভলীনাক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ যোৱা কংগ্ৰেছৰ দলটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply