নিউজ ডেস্ক : চলিত টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনাৰ ওপৰত এতিয়া সমগ্ৰ দেশৰ জনতাৰ দৃষ্টি আবদ্ধ। শুকুৰবাৰে টাইপেৰ চিয়েন চিন চেনক ৪-১ পইণ্টত পৰাস্ত কৰি লাভলীনাই ছেমি ফাইনেলত প্ৰৱেশ কৰে।

গোলাঘাটৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁইৰ কন্যা লাভলীনাৰ আজিৰ বিজয়ে সমগ্ৰ অসমত আনন্দৰ লহৰ তোলাৰ লগতে অসমৰ ক্ৰীড়া ইতিহাসত সূচনা কৰিলে এক নতুন দিগন্তৰ।

কিক বক্সিঙৰ জৰিয়তে খেলৰ জগতত ভৰি থোৱা লাভলীনাৰ গোলাঘাটৰ পৰা টকিঅ’ অলিম্পিকলৈ কৰা এই যাত্ৰা বহু ঘাট-প্ৰতিঘাটেৰে ভৰা –

১৯৯৭ চনৰ ২ অক্টোবৰত টিকেন বৰগোহাঁইৰ পৰিয়ালত জন্মগ্ৰহণ কৰা লাভলীনাই প্ৰথমে কিক বক্সিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল যদিও পিছলৈ বক্সিঙৰ ৰিঙত নামি পৰে।

বক্সিঙৰ ৰিঙলৈ লাভলীনাক উলিয়াই অনা মূল মানুহজন হৈছে স্পৰ্টছ অথ’ৰিটি অৱ ইণ্ডিয়া চমুকৈ SAI গুৱাহাটীৰ পদুম বড়ো। বড়োয়ে আছিল লাভলীনাৰ প্ৰথম গৰাকী প্ৰশিক্ষক। ২০১২ চনত SAI –এ বৰপথাৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰতিভা সন্ধানী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল।

উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা লাভলীনাৰ মাজত বড়োৱে ভৱিষ্যতৰ এগৰাকী দুৰ্দান্ত বক্সাৰক দেখা পাইছিল। আৰু সেয়াই আছিল এক বৰ্ণিঁল, অপ্ৰতিৰোধ্য যাত্ৰাৰ আৰম্ভণি।

লাভলীনাৰ জীৱনৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিল ২০১৪ চনৰ জুলাইত ছাৰ্বিয়াত অনুষ্ঠিত জুনিঅৰ মহিলা বিশ্ব গ’ল্ডেন গ্ল’ভ বক্সিং টুৰ্ণামেন্ট। ইয়াত অৱশ্যে তেওঁৰ পদকৰ পৰা বঞ্চিত হয়।

ইয়াৰ পিছত  ২০১৭ চনৰ নৱেম্বৰত ভিয়েটনামত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তেওঁ মহিলাৰ ৱেলটাৰৱেইট শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

২০১৮ চনৰ নৱেম্বৰত দিল্লীত অনুষ্ঠিত আইবা মহিলা বিশ্ব চেম্পিয়নশ্বিপত ৬৯ কিলো শাখাত পুনৰ তেওঁ ব্ৰঞ্জ অৰ্জন কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছত ২০১৯ চনৰ এপ্ৰিলত থাইলেণ্ডত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰে যদিও পদকৰ পৰা বঞ্চিত হয়।

টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰাৰ পূৰ্বে ২০১৯ চনৰ অক্টোবৰত ৰাছিয়াত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ আৰু ২০২০ চনৰ মে’ত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৬৯ কিলো শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

স্পৰ্টছ অথ’ৰিটি অৱ ইণ্ডিয়াই জনোৱা মতে বৰ্তমান লাভলীনাৰ ব্যক্তিগত প্ৰশিক্ষক হৈছে সন্ধ্যা গুৰুং আৰু ৰাষ্ট্ৰীয় প্ৰশিক্ষক হৈছে আলী কামাৰ।

বক্সিঙত পদক অৰ্জন কৰা লাভলীনা হৈছে ভাৰতৰ দ্বিতীয় গৰাকী মহিলা বক্সাৰ। ২০২০ চনত লাভলীনায়ে অৰ্জুণ বঁটা লাভ কৰিছিল।    

অহা ৪ আগষ্টত হ’বলগীয়া ছেমি ফাইনেলত লাভলীনা টুৰ্কীৰ বক্সাৰ বুছেনাজ ছাৰমেনেলি (Busenaz Surmeneli)-ৰ মুখামুখি হ’ব।

লগতে পঢ়ক : বিশিষ্ট লেখিকা ড° অনিমা গুহৰ স্মৰণ টাইপাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply