গুৱাহাটী : আজি নিজ গৃহলৈ আহিব অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাই। টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁই আজি গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ নিজ ঘৰ পাবহি। অলিম্পিক গেমছত পদক অৰ্জনৰ পিছত ১২ আগষ্টত গুৱাহাটীত ৰাজ্য চৰকাৰৰ সম্বৰ্ধনা গ্ৰহণৰ পিছত ১৭ আগষ্টত দ্বিতীয়টো ভ্ৰমনসূচী লৈ অসমলৈ আহিছে লাভলীনা বৰগোহাঁই।
টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক অৰ্জনৰ পিছত প্ৰথমবাৰলৈ গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱলৈ দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে লাভলীনা বৰগোহাঁইয়ে। এইবাৰো ঘৰত থাকিবলৈ লাভলীনাৰ হাতত নাই যথেষ্ট সময়। মাত্ৰ কেইঘণ্টামান সময়ৰ বাবে মঙলবাৰে বৰপথাৰৰ বাসগৃহত থাকিব লাভলীনা বৰগোহাঁই।
অসমৰ গৌৰৱ লাভলীনাই মাত্ৰ এনিশা কটাব বাৰমুখীয়াৰ গাঁৱৰ ঘৰত। ১৭ আগষ্টৰ দুপৰীয়া ২.৩০ মিনিটত ডিমাপুৰ বিমানবন্দৰত উপস্থিত হ’ব লাভলীনা।দুপৰীয়া লাভলীনা বৰগোহাঁই আৰু তেওঁৰ পিতৃ টিকেন বৰগোহাঁই নতুন দিল্লীৰ পৰা আহি ডিমাপুৰৰ বিমানবন্দৰত উপস্থিত হ’ব।তাৰ পৰাই গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰলৈ যাব লাভলীনা।পথৰ কাষত লগোৱা হৈছে বেনাৰ হৰ্ডিং।ডিমাপুৰৰ পৰা বাইক ৰেলীৰে আদৰি অনা হ’ব লাভলীনাক।বাৰমুখীয়াৰ গাঁৱৰ ঘৰত লাভলীনাই মাত্ৰ এনিশা কটাব।
১৭ আগষ্টত ঘৰলৈ আহি ১৮ আগষ্টৰ পুৱা পুনৰ লাভলীনা উভতি যাব উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌলৈ। মঙলবাৰে দুপৰীয়া লাভলীনা বৰগোহাঁই আৰু তেওঁৰ পিতৃ টিকেন বৰগোহাঁয়ে নতুন দিল্লীৰ পৰা আহি উপস্থিত হ’ব ডিমাপুৰৰ বিমানবন্দৰত আৰু তাৰ পৰাই গাঁৱৰ ঘৰলৈ যাব।
লগতে পঢ়ক : দেশত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক’ভিড সংক্ৰমণৰ হাৰ
সেই সময়তো অৱশ্যে পূৰ্বৰ দৰেই ৰাজ্যিক অতিথিৰ সন্মান থাকিব লাভলীনা বৰগোহাঁইৰ। বুধবাৰে লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিব লাভলীনা বৰগোহাঁয়ে।