নিউজ ডেস্কঃ লাভলীনা বৰগোঁহাইৰ ওপৰত চলিছে মানসিক নিৰ্যাতন, কৰা হৈছে ৰাজনীতি। এই অভিযোগ উত্থাপন কৰি টুইট কৰিছে ভাৰতৰ মহিলা বক্সাৰ গৰাকীয়ে।
টুইটাৰত তেওঁ লিখিছে- ‘’অতি দুখেৰে ক’ব লৈছো যে মোৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে। প্ৰতিবাৰে মোৰ প্ৰশিক্ষক যিগৰাকীয়ে মোক অলিম্পিকত মেডেল অৰ্জন কৰাত সহায় কৰিছিল, তেওঁক বাৰে বাৰে সলনি কৰি মোৰ প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত নিৰ্যাতন চলোৱা হৈছে। ইয়াৰে এগৰাকী প্ৰশিক্ষক সন্ধ্যা গুৰুংজী দ্ৰোনাচাৰ্য বঁটাপ্ৰাপক। মোৰ দুয়োগৰাকী প্ৰশিক্ষকক হাজাৰ হাজাৰ বাৰ অনুৰোধ কৰাৰ পাছতহে প্ৰশিক্ষণৰ বাবে কেম্পত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ ফলত মোৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সমূখীন হ’বলগীয়া হৈছে। লগতে মানসিক নিৰ্যাতনো চলোৱা হৈছে। এতিয়া মোৰ প্ৰশিক্ষক সন্ধ্যা গুৰুংজীক কমনৱেল্থ ভিলেজৰ বাহিৰত আছে। তেওঁক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই।” (Lovelina Borgohain is being harassed in Commonwealth Games)

লগতে বক্সাৰ গৰাকীয়ে লিখিছে- ‘’মোৰ প্ৰশিক্ষণৰ গেমৰ ঠিক ৮ দিন পূৰ্বে ৰখাই দিয়া হয়। মোৰ দ্বিতীয়গৰাকী প্ৰশিক্ষককো ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছে। মই ইমানবাৰ অনুৰোধ জনোৱাৰ পাছতো এনে কৰা হৈছে। এনেকৈয়ে মোক মানসিক নিৰ্যাতন চলোৱা হৈছে। মই বুজি পোৱা নাই যে খেলত কেনেকৈ মনোযোগ দিওঁ এনে পৰিস্থিতি। এনে ৰাজনীতিৰ মাজত মই মোৰ চিডব্লিউজি বেয়া কৰিব খোজা নাই। মই আশা কৰিছো যে এই ৰাজনীতিৰ মাজতে মই মোৰ দেশৰ বাবে পদক অৰ্জন কৰিব পাৰিম। জয় হিন্দ।’’