নিউজ ডেস্ক : জীৱনৰ প্ৰথমখন অলিম্পিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা সত্ত্বেও আশা কৰা মতে প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰাত আক্ষেপ প্ৰকাশ কৰিছে অসম গৌৰৱ লাভলীনা বৰগোহাঁয়ে। আজি অনুষ্ঠিত ছেমিফাইনেলত ২৩ বছৰীয়া লাভলীনাই টুৰ্কীৰ বক্সাৰ বুছেনাজ চুৰমেনলীৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হ’বলগীয়া হয়।

স্বৰ্ণপদকৰ সপোন পূৰণ নহ’ল যদিও ১২৫ বছৰীয়া অলিম্পিকৰ ইতিহাসত অসমৰ নাম খোদিত কৰি অহা লাভলীনাৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে ই এক বৃহৎ প্ৰাপ্তি। ২০০৮ চনত বীজেন্দৰ সিং আৰু ২০১২ চনত মেৰী কমে অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত যোৱা ৯ বছৰে কোনো এগৰাকী ভাৰতীয় বক্সাৰে পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই।

বক্সিঙৰ কেৰিয়াৰ আৰম্ভ কৰাৰ দিন ধৰি কোনো দিন ছুটী নোলোৱা লাভলীনাৰ মন অলিম্পিকৰ পৰা উভতি অহাৰ পিছত এমাহ বা তাতকৈ অধিক দিনৰ বাবে ছুটী ল’ব। ‘মই এক মাহ বা হয়তো তাতকৈ অধিক দিনৰ বাবে ছুটী ল’ম। বক্সিং আৰম্ভ কৰাৰ পৰা মই আজিলৈকে ছুটী লোৱা নাই। ক’লৈ যা’ সেয়া নিশ্চিত হোৱা নাই কিন্তু ছুটী ল’ম,’ লাভলীনাই এইদৰে কয়।

অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত নিজৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয়, ‘বক্সাৰ হিচাপে মোৰ আত্মবিশ্বাসৰ অভাৱ আছিল, কিন্তু এতিয়া আৰু সেই অভাৱ নাই। এতিয়া আৰু মই কালৈকো ভয় নকৰো।’

দেশৰ নামত নিজৰ পদক উৎসৰ্গা কৰি লাভলীনাই কয়, ‘মই এই পদক মোৰ কাৰণে প্ৰাৰ্থনা কৰা দেশবাসীৰ বাবে উৎসৰ্গা কৰিছো। মোৰ প্ৰশিক্ষকসকল, ফেডাৰেশ্যন আৰু স্পনচৰ সকলেও মোক যথেষ্ট সহায় কৰিছিল।’

তেওঁলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে ৰাষ্ট্ৰীয় সহকাৰী প্ৰশিক্ষক সন্ধ্যা গুৰুঙক লাভলীনাই বিশেষভাৱে ধন্যবাদ জনাই আৰু এই বছৰ তেওঁক দ্ৰোণাচাৰ্য্য বঁটাৰে সন্মানিত কৰিবলৈ চৰকাৰক আহ্বান জনায়।

লগতে পঢ়ক : অস্তিত্বৰ সংকটত বিশ্বনাথ জিলাৰ একমাত্ৰ বনাঞ্চল, তথাপি আশা ধৰি ৰাখিছে অঞ্চলবাসীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply