গুৱাহাটী : আজি স্বদেশত আহি উপস্থিত হ’ব লাভলীনা বৰগোঁহাই। কন্যাক আদৰিবলৈ দিল্লীলৈ উৰা মাৰিলে পিতৃ টিকেন বৰগোঁহাই। টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি বক্সিং প্ৰতিযোগীত ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ নাম উজ্বলোৱা তথা অলিম্পিকত অসমৰ প্ৰথমগৰাকী পদক বিজয়ী লাভলীনাক আদৰিবলৈ বাট চাই আছে ৰাজ্যবাসীয়ে।
উৎকন্ঠাৰ অন্ত পেলাই আজি স্বদেশত উপস্থিত হ’ব লাভলীনা বৰগোঁহাই। টকিঅ’ৰ পৰা আজি বিমানযোগে আহি দিল্লীত উপস্থিত হব লাভলীনা বৰগোঁহাই। আজি পুৱাৰ ভাগতে কন্যাক আদৰিবলৈ বৰঝাৰ বিমামবন্দৰৰ পৰা দিল্লীলৈ ৰাওনা হ’ল পিতৃ টিকেন বৰগোহাইসহ লাভলীনাৰ পিতৃৰ বন্ধুবৰ্গ আৰু ওচৰ চুবুৰীয়া। বৰঝাৰ বিমানবন্দৰৰ পৰা ইণ্ডিগ’ বিমানযোগে ১১:১০ বজাত দিল্লীলৈ উৰা মাৰিব সকলোৱে।
লগতে পঢ়ক : শিলডুবি স্বাস্থ্যকেন্দ্ৰত চলি থকা অনিয়মে জলাকলা খুৱাইছে সাধাৰন ৰাইজক
দিল্লীলৈ যোৱাৰ আগতে পিতৃ টিকেন বৰগোঁহাইয়ে সদৰি কৰিলে লাভলীনা বৰগোঁহাইৰ সময়সুচী। আজি ৫ বজাত দিল্লী পাব লাভলীনা বৰগোহাই। আজি আৰু কাইলৈ দিল্লীতে ক্ষন্তেক জিৰণী লোৱাৰ পিছত পৰহিলৈ অসম পাব পাৰে লাভলীনা বৰগোঁহাই। অসমতে ২ দিন থকাৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিমন্ত্ৰণ জনোৱা ১৫ আগষ্টৰ কাৰ্যসুচীলৈ বুলি পুনৰ দিল্লীলৈ ৰাওনা হ’ব লাভলীনা বৰগোঁহাই