মাজুলীঃ মাজুলী নামনি মাজুলীৰ চামগুৰিত উত্তপ্ত পৰিস্থিতি। খহনীয়া প্ৰতিৰোধত ব্যৰ্থ ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়াক ৰাইজৰ জবাবদিহি। ৰাইজৰ ৰুদ্ৰ মূৰ্তিত পলায়ন ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া- কৰ্মচাৰীৰ।
মাজুলীৰ সৰ্বেত্ৰে এতিয়া খহনীয়া তাণ্ডৱ। নামনি মাজুলী কৰটি পাৰ পঞ্চায়তৰ অন্তৰ্গত চামগুৰি গাৱত ব্ৰহ্মপুত্ৰ খহনীয়াই লৈছে বিধ্বংসী ৰূপ। খহনীয়াৰ ত্ৰাসত এতিয়া নদী কাষৰীয়া ৰাইজ।
খহনীয়া প্ৰতিৰোধৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বৰ্ডক কেইবাবাৰো খহনীয়া প্ৰতিৰোধ কৰিবলৈ জনোৱাৰ পাছতো গুৰুত্ব প্ৰদান নকৰাত ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়াৰ ওপৰত খৰ্গ হস্ত চামগুৰি বাসী ৰাইজ।
ভৰ বাৰিষা RCC পকী পোষ্ট আনি কাম কৰিবলৈ অহা ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া কৰ্মচাৰীক জবাবদিহি কৰে চামগুৰি গাৱৰ ৰাইজে।
আৰু পঢ়কঃচৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে ৰঙিয়াৰ ধেপাৰগাঁও আৰু বগৰীবাৰীৰ ৰাইজে
গাওঁ বাসীৰ প্ৰশ্ন উত্তৰ দিব নোৱাৰা ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া কৰ্মচাৰী অৱশেষত পলায়ন কৰিবলৈ বাধ্য হয়।
মাজুলীত ২০০৪ চনৰ পৰা ব্ৰহ্মপুত্ৰ বৰ্ডে সুৰক্ষা দিব পৰা নাই মাজুলীৰ ভুমি ৷ ব্ৰহ্মপুত্ৰ বৰ্ডে ভৰবাৰিষা কেইটামান পকী পোষ্টৰ পাৰ্কোপাইন দি মাজুলীক সুৰক্ষা দিবলৈ অহা কাৰ্যত ক্ষোভিত মাজুলী বাসী ৰাইজ।