মাজুলীঃ নামনি মাজুলীৰ মিচামৰাত লুইতৰ ব্যাপক খহনীয়া।

খহনীয়াৰ ফলত জাহ গৈছে বিস্তৰ কৃষি ভূমিৰ লগতে বহুকেইটা বাসগৃহ।

দিক-বিদিক হেৰুৱাই এতিয়া অনিশ্চয়তাত জীৱন কটাব লগীয়া হৈছে নামনি মাজুলীৰ মিচামৰাৰ ৰাইজে।

মাজুলী সুৰক্ষাৰ নামত ২০০৪ চনৰ পৰাই ব্ৰহ্মপুত্ৰ বৰ্ডে কেৱল মাজুলীৰ ৰাইজক লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ কেন্দ্ৰই মুকুলি কৰি দিয়া ২৩৭ কোটি টকা টি কে নামৰ প্ৰতিষ্ঠানটোৰ লগত মিলি ব্ৰহ্মপুত্ৰ বৰ্ডে লুন্ঠন কৰাৰ অভিযোগ।

দীৰ্ঘদিন ধৰি খহনীয়াই ব্যাপক ক্ষতিসাধন কৰা মাজুলীবাসীক দুই প্ৰতিষ্ঠানৰ এই মতমতালিয়ে অতিষ্ঠ কৰি তুলিছে।

আৰু পঢ়কঃগোলাঘাট জিলাত হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply