নিউজ ডেস্ক : বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যখনৰ বিভিন্ন ছাত্ৰ তথা জাতীয় সংগঠনে প্ৰতিবাদ অব্যাহত ৰখা সত্ত্বেও জনসাধাৰণৰ দাবীৰ প্ৰতি কোনো ভ্ৰূক্ষেপ প্ৰকাশ নকৰি এন এইচ পি চিয়ে পূৰ্ণ গতিত নদী বান্ধ নিৰ্মাণৰ কাম চলাই নিছে।
ধেমাজীৰ গেৰুকামুখত নিৰ্মাণ হৈ থকা ২০০০ মেগাৱট ক্ষমতাৰ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম অহা বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব, এন এইচ পি চি-এ এই কথা সদৰী কৰিছে।
এন এইচ পি চিৰ বিষয়াই জানিবলৈ দিয়া মতে ২০২২ চনৰ আগষ্ট মাহৰ ভিতৰত বৃহৎ নদীবান্ধটোৰ ৮ টা গোট কাৰ্যকৰী হৈ উঠিব।
উল্লেখযোগ্য যে আছু, যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, টি এম পি কে আদি বিভিন্ন সংগঠনৰ প্ৰবল প্ৰতিবাদৰ ফলত এন এইচ পি চিয়ে যোৱা ২০১০ চনত নামণি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম স্থগিত ৰাখিবলৈ বাধ্য হৈছিল।
কিন্তু পৰৱৰ্তী সময়ত, ২০১৯ চনৰ ১৫ অক্টোবৰত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ পৰা অনুমোদন লাভ কৰাত প্ৰকল্পৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হয়।
লগতে পঢ়ক : নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন