নিউজ ডেস্ক : সাধাৰণ গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই পুনৰ বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ মূল্য। বুধবাৰে মহালয়াৰ দিনটোতে ৰাজসাহায্যবিহীন এল পি জি চিলিণ্ডাৰৰ মূল্য ১৫ টকাকৈ বৃদ্ধি কৰা হয়।
সেই অনুসৰি আজিৰ পৰা ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য গুৱাহাটীত ৯৪৯.৫০ টকালৈ বৃদ্ধি পায়।
আনহাতে, দিল্লী, মুম্বাইকে ধৰি দেশৰএকাংশ চহৰত এল পি জি চিলিণ্ডাৰৰ মূল্য ৮৮৪.৫০ ৰ পৰা ৮৯৯.৫০ টকালৈ বৃদ্ধি পাইছে। একেদৰে কলিকতাত ৯২৬ টকা আৰু চেন্নাইত ৯১৫.৫০ টকাত এল পি জি চিলিণ্ডাৰ ক্ৰয় কৰিব লাগিব।
দেশত খাৰুৱা তেলৰ বৰ্ধিত মূল্যৰ প্ৰতি লক্ষ্য ৰাখি ৰন্ধন গেছৰ মূল্যই শীঘ্ৰে ১০০০ টকা অতিক্ৰম কৰিব বুলি আশংকা কৰা হৈছে। পাটনাত ইতিমধ্যে এটা এল পি জি চিলিণ্ডাৰৰ দাম ৯৯৮ টকালৈ বৃদ্ধি পাইছে।
বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ মাত্ৰ ৫ দিন পিছতে বৃদ্ধি কৰা হ’ল ঘৰুৱা চিলিণ্ডাৰৰ দাম।
যোৱা ১ অক্টোবৰত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৪৩ টকাকৈ বৃদ্ধি কৰা হৈছিল, বৰ্তমান গুৱাহাটীত ১৯ কেজিৰ এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে ১৮৫৫ টকা।
লগতে পঢ়ক : মিজোৰামত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ