লেফটেনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰ নায়াৰ মঙলবাৰে অসম ৰাইফলছৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্ত হৈছে।

ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় সেনাৰ ডিৰেক্টৰ জেনেৰেল ৰিক্ৰুইটিং পদত কৰ্মৰত আছিল। নায়াৰ হৈছে অসম ৰাইফলছৰ ২১ সংখ্যক সঞ্চালক প্ৰধান।

মেঘালয়ৰ শ্বিলংসস্থিত এ আৰ ডি জি মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অসম ৰাইফলছৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।

লগতে পঢ়ক : ইষ্টম’জ’ বিশেষ : ক’ভিডৰ চিকিৎসাৰ নামত কি চলিছে ৰাজ্যত ? ১৫ লাখ টকা পৰ্য্যন্ত চিকিৎসা ব্যয়

সেনা বাহিনীত তিনি দশকতকৈ অধিক কালজুৰা অভিজ্ঞতা থকা নায়াৰে অসম, মণিপুৰ, ছিকিম, নাগালেণ্ডকে ধৰি উত্তৰ-পূবৰ ৰাজ্য সমূহত দীৰ্ঘদিন ধৰি সেৱা কৰি আহিছে।

অতি বিশিষ্ট সেৱা মেডেল (Ati Vishisht Seva Medal), যুদ্ধ সেৱা মেডেল (Yudh Seva Medal) আদিৰে সন্মানিত নায়াৰ মহাৰাষ্টৰ সতাৰা সৈনিক বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply