গুৱাহাটী – বিত্ত মন্ত্ৰালয়ে কালি এক বিশেষ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে, যাৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল বিশেষভাৱে লাভান্বিত হ’ব৷ কাৰণ LTC ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বছৰত এবাৰকৈ ভ্ৰমণৰ সুবিধা লাভ কৰে ৷ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এই সুবিধা চাৰি বছৰৰ বাবে উপলব্ধ হয়।

কিন্তু ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত এইসকলোবোৰ স্তব্ধ হোৱাৰ বাবেই চৰকাৰে একাংশ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগত LTC ভাউচাৰৰ অন্তৰ্গতত এই প্ৰক্ৰিয়াটো বিনিময় কৰিব বিচাৰিছে ৷ যি সময়ত সমগ্ৰ দেশত কৰ’না মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে, সেইসময়তে ক্ষতিগ্ৰস্ত কৰা দেশীয় অৰ্থনীতি ব্যৱস্থাত গ্ৰাহকৰ চাহিদা আৰু ব্যয়ৰ ক্ষমতা বৃদ্ধিৰ বাবে বিত্ত মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে কিছু সিদ্ধান্ত ৷

এক সংবাদ মেলৰ জৰিয়তে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বজাৰত গ্ৰাহকৰ ধন দিবৰ বাবে নগদ ভাউচাৰ আঁচনি আৰু বিশেষ মহোৎসৱ অগ্ৰিম আঁচনি ঘোষণা কৰিছে। আনহাতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, যোগান কিছু পৰিমাণে হ্ৰাস হৈছে যদিও গ্ৰাহকৰ চাহিদাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে ।

সীতাৰমনে লগতে কয় যে, ক’ভিড-১৯য়ে দেশৰ অৰ্থনীতিত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছে যদিও চৰকাৰে দুখীয়া আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আত্মনিৰ্ভৰ ভাৰত পেকেজত পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইফালে কেন্দ্ৰীয় কৰ্মচাৰীৰ কাৰণে ৩১ মাৰ্চ লৈকে উৎসৱ এডভান্স আঁচনিৰ জৰিয়তে উৎসৱৰ কাৰণে আগতীয়াকৈ বেতন দিছে ৷ ইয়াত কৰ্মচাৰীসকলক Rupay cardৰ জৰিয়তে ১০,০০০ টকা আগতীয়াকৈ প্ৰদান কৰিব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply