গুৱাহাটীঃ লামডিঙৰ কৃষ্ণবস্তিৰ শালবাগানত অৰ্ধ উলংগ অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ। দশম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকী মঙলবাৰে বিয়লি ৪বজাত টিউচনলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালৰলোকে বিচাৰ-খোচাৰ কৰাত নিশা কৃষ্ণবস্তিৰ শালবাগানত কিশোৰীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।
যুৱতীগৰাকীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত লামডিং আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আনহাতে লামডিং অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে লামডিং থানাত স্মাৰক পত্ৰ দাখিল কৰিছে। কিশোৰী গৰাকীৰ ন্যায় বিচাৰি দোষীক শাস্তি প্ৰদানৰ দাবীত বিভিন্ন দল-সংগঠনে হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে।