লামডিংঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।
লামডিং ৰেলৱে ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ।
১৫৬৭০ নম্বৰ ডিব্ৰুগড়-গুৱাহাটী নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছৰ পৰা ২৬৯ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে লামডিং জি আৰ পি এয়ে।
ৰেলখনৰ সাধাৰণ শ্ৰেণীৰ ডবাত জি আৰ পি এৰ তালাচীত ১৫ টা চাবোনৰ কেছত উদ্ধাৰ হৈছে ব্ৰাউন চুগাৰখিনি।
উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰ খিনিৰ বজাৰৰ মূল্য ৫০ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে ৷
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই।