লামডিংঃ লামডিঙ আৰু লংকা সংযোগী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ২নং সাধু কুটিত বেদখল ভূমিত হোজাই জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।
প্ৰশাসনে জাননী দিয়াৰ পিছতো গা লৰা নাই বেদখল কাৰীৰ।
যোৱা জুলাই মাহৰ ২৩ তাৰিখত তেওঁলোকক জাননী প্ৰদান কৰিছিল প্ৰশাসনে।
হোজাই জিলাৰ আৰক্ষী প্ৰশাসনৰ এক বিশাল বাহিনীৰ উপস্থিতিত অঞ্চলটোত পুৱা ৯ বজাৰ পৰা চলিল এই উচ্ছেদ অভিযান।
লগতে পঢ়কঃমঙলদৈত বিধায়ক অখিল গগৈৰ প্ৰতিমূৰ্তি দাহ
অভিযানত ২ নং সাধু কুটি ভূমিত অবৈধভাৱে বেদখল কৰি থকা সাতখন বাসগৃহৰ লগতে হোটেল ভাঙি চুৰমাৰ কৰি নষ্ট কৰে ।
আজি উচ্ছেদৰ পাছত এইসকল উচ্ছেদিত লোকে এই কাৰ্যত প্ৰকাশ কৰে তীব্ৰ ক্ষোভ।