লামডিং: লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযান দ্বিতীয় দিনাও অব্যাহত আছে। সোমবাৰে লামডিং সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনে বিশাল আৰক্ষী বাহিনী লগত লৈ হাতী, জেচিবি, বলড’জাৰ আৰু টেক্টৰেৰে চলাই উচ্ছেদ অভিযান। এইবাৰৰ অভিযানত বৰ্তমানলৈকে সংৰক্ষিত বনাঞ্চলখনত অবৈধ ভাৱে বাস কৰি থকা লোকসকলে সহযোগিতা আগবঢ়োৱা দেখা যায়। মঙ্গলবাৰে পুৱাৰ পৰা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত পুনৰ আৰম্ভ হৈছে উচ্ছেদ অভিযান। দুটা পৰ্যায়ত এই সংৰক্ষিত বনাঞ্চলখনত চলিছে উচ্ছেদ অভিযান। প্ৰথম পৰ্যায়ত লামডিং বনাঞ্চলখনৰ ভেটনলা, কমৰপানীত চলিছে উচ্ছেদ অভিযান।
লামডিং সংৰক্ষিত বনাঞ্চলখনৰ প্ৰায় ৫০০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে। লামডিং বনাঞ্চলৰ বনাঞ্চলৰ মাটিকালি ২২, ৪০২.৮৩০ হেক্টৰ৷ পৰিচালনাৰ সুবিধাৰ বাবে বনাঞ্চলখনক লংকা আৰু লামডিং বনাঞ্চলত বিভক্ত কৰা হৈছে৷ এই বনাঞ্চল পূবে কাৰ্বি আংলঙৰ লাংগ্ৰি অভয়াৰণ্য, পশ্চিমে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ লাংটিং মুপা সংৰক্ষিত বনাঞ্চল৷
ইয়াৰে লংকা সংৰক্ষিত বনাঞ্চলতে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। বনাঞ্চলখনৰ কমাৰপানী অঞ্চলত ২০০ ঘৰ ইছলাম ধৰ্মাৱলম্বী লোক, পাগলাবস্তিত গাৰো জনগোষ্ঠীৰ ৫৫ ঘৰ লোক, হাজিবস্তিত গাৰো আৰু চাকমা জনগোষ্ঠীৰ ৬০ ঘৰ লোক, ভেটনলাত ইছলাম ধৰ্মাৱলম্বীৰ ১৭০ ঘৰ লোক, লাংচি পাই গাৰোবস্তিত গাৰো জনগোষ্ঠীৰ ৩৫ ঘৰ লোক আছিল।
২০০৩ চনত এই অৰণ্যক ’ধনশিৰি-লামডিং এলিফেন্ট ৰিজাৰ্ভ’ নামেৰে হস্তীপ্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ মাজেৰেই পাৰ হৈ গৈছে এলিফেণ্ট কৰিডৰ। কিন্তু বনাঞ্চলখনত সৃষ্টি হোৱা বন ধ্বংসৰ বাবে এতিয়া এই ’ধনশিৰি-লামডিং এলিফেন্ট ৰিজাৰ্ভ’ নামেৰে নামাকৰণ কৰা হস্তীপ্ৰকল্পলৈ নামি আহিছে বিপদ। শতিকা জুৰি তেওঁলোক সেই স্থানত বাস কৰি আছে।
এই বনগাঁৱত স্থাপন কৰা হৈছিল বিদ্যালয়, গীৰ্জা, মছজিদ আদি। আনহাতে দাঁতিকাষৰীয়া মৰিগাওঁ, নগাওঁ আদি জিলাৰ বানবিধ্বস্ত এলেকাৰ পৰাও ভূমিহীন একাংশ লোকে আহি লামডিং সংৰক্ষিত বনাঞ্চলত আশ্ৰয় গ্ৰহণ কৰিছিল। এই লোকসকলক ধনৰ বিনিময়ত একাংশ লোকে বনাঞ্চলখনত সংস্থাপিত কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে বেদখলকাৰীসকলে তাত আদাৰ খেতি কৰিবলৈ লৈ বছৰি ২৫ কোটি টকাৰ ব্যবসায় চলাই আহিছে ।
লগতে পঢ়ক-নাগালেন্ডত উদ্ধাৰ অসমৰ পৰা লৈ যোৱা সাতটাকৈ মহ
বনাঞ্চলখনত বহিবলৈ সুবিধা কৰি দিয়াৰ নামত যোৱা সময়চোৱাত তেওলোকৰ পৰা ধন সংগ্ৰহ কৰা লোকসকলৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে উচ্চেদিত লোকসকল । লোকসকলক মাটিৰ পট্টা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া এজন দালাল ৰহমত আলিক আজি উচ্চেদিত এচামে প্ৰহাৰ কৰাৰ লগতে তেওৰ গাড়ীখনো ক্ষতিগ্ৰস্থ কৰে । প্ৰকৃতিপ্ৰেমীৰ ৰূপ লৈ এচাম দালালে দীৰ্ঘদিনৰ পৰা এইসকল বেদখল লোকৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল ।