লামডিং- অসমত এতিয়া উঠিছে ধনৰ উজান। নিৰ্বাচনী আয়োগৰ নীতি উলংঘা কৰা সকলৰ বিৰুদ্ধে অভিযানত নামি পৰিছে প্ৰশাসন।
ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বহুকেইগৰাকী ধন সৰবৰাহকাৰী পৰিছে আৰক্ষীৰ জালত ৷ লামডিঙতো বিভিন্ন প্ৰান্তত আৰক্ষী তথা ফ্লায়িং স্কোৱাডে চলাইছে অভিযান।
লামডিঙ ডি আৰ এম কাৰ্য্যলয়ৰ সমীপত ফ্লায়িং স্কোৱাডৰ তালাচীত এখন স্কুটিত উদ্ধাৰ ৯৭ হাজাৰ ৯০০ টকা ৷
স্কুটীখনৰ নম্বৰ এছ ০২x ৭৩৪৭ । অভিষেক মিত্ৰ নামৰ ব্যক্তিজনৰ স্কুটীত উদ্ধাৰ হয় টকাখিনি।
পিছে অভিষেক মিত্ৰই এই টকাখিনি ঘৰ নিৰ্মানৰ কামত ব্যৱহাৰ কৰিবলৈ অনা হৈছিল বুলি আৰক্ষীক জনাই যদিও কোনোধৰনৰ নথিপত্ৰ আৰক্ষী তথা ফ্লায়িং স্কোৱাডক দেখাব নোৱাৰাৰ বাবে ফ্লায়িং স্কোৱাডে জব্দ কৰে ধনখিনি ৷