গুৱাহাটী : দেশৰ কৃষক সকলে তিনিখন কৃষি আইনৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোল চলাই অৱশেষত বিজয়ী হ’বলৈ সক্ষম হ’ল। কৃষক আন্দোলৰ ফলত চৰকাৰে তিনিখন কৃষি আইন বাতিল কৰাৰ ঘোষণা কৰিলে। কৃষক সকলৰ আন্দোলন সফল হোৱাৰ পিছতে অসমত পুনৰ ‘কা’ বিৰোধী আন্দোলন আৰম্ভ হব নেকি এই প্ৰশ্ন উত্থাপন হৈছে।

ইতিমধ্যে ‘কা’ আন্দোলন পুনৰ আৰম্ভ হ’ব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে। ইয়াৰ মাজতে বৃহস্পতিবাৰে এক সংবাদমেলযোগে ‘কা’ বিৰোধী আন্দোলনৰ যুক্তি-যুক্ততা আছে বুলি উল্লেখ কৰে অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে, ‘গণতান্ত্ৰিক আন্দোলনৰ মূল্য আছে। মানুহ আকৌ আন্দোলনলৈ ওলাই আহিব।’
ইফালে, ক’ভিডৰ বাবে আন্দোলন স্তিমিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে এইবাৰ আন্দোলন দীঘলীয়া হ’ব।

অহা ১০ ৰ পৰা ১৯ ডিচেম্বৰলৈ অসম জাতীয় পৰিষদে পালন কৰিব জাতীয় স্বাভিমান যাত্ৰা বুলি জানিব দিয়ে অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈয়ে। অহা ৯, ১০ ডিচেম্বৰত শ্বহীদ দিৱস, ১১ ডিচেম্বৰত ক’লা দিৱস, ১২ ডিচেম্বৰত আত্মবলিদান দিৱস, ১৩ ডিচেম্বৰত মূল্যবোধৰ দিন হিচাপে প্ৰতিবাদী কাৰ্যসূচী, ১৪ ডিচেম্বৰত জাতীয়তাবাদী সন্মিলন, ১৬ ডিচেম্বৰত জাতীয় ঐক্য সন্মিলন, ১৭ ডিচেম্বৰত মহিলাসকলৰ বাবে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰিব বুলিও সংবাদমেলত প্ৰকাশ কৰে লুৰীণজ্যোতি গগৈয়ে।

লগতে পঢ়ক : কেটৰিনা কাইফৰ গালৰ দৰে হ’ব লাগে বাট পথ; কোন মন্ত্ৰীয়ে কৰিলে এই মন্তব্য?

আনহাতে, আন্দোলন কৰাৰ বাবে জে’লত ভৰাই থ’লেও অসম জাতীয় পৰিষদে আন্দোলন কৰি যাব বুলি সংবাদমেলত ঘোষণা কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। ইফালে পুনৰ আৰম্ভ হ’ল ‘কা’ বিৰোধী আন্দোলন। কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতৃত্বত আমগুৰিত ‘কা’ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply