মৰাণ: যোৱা ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী উদযাপন কৰিবলৈ চৰকাৰে ৰাইজক ঠিকেই সুযোগ দিলে কিন্তু মাঘ বিহু উদযাপন কৰাৰ ক্ষেত্ৰতহে চৰকাৰে প্ৰতিবন্ধকতা আনিছে । জাতীয় অনুষ্ঠান এটা উদযাপন কৰিবলৈ চৰকাৰে কিছু শিথিলতা দিব লাগে । এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

আজি মৰাণৰ সমীপৰ খুমটাই চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ মাহমৰা সমষ্টিৰ বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰি দলটো সভাপতি লুৰীণজ্যোতি গগৈয়ে কেইবাটাও মন্তব্য কৰে । তেওঁ কয় যে “এই খন চৰকাৰ অসমীয়াৰ জাতীয় চেতনাৰ পৰিপন্থী । অসমীয়াৰ আবেগ অনুভূতিক তেওঁলোকে বুজি নাপায় । এফালে বিহুক একাষৰীয়া কৰিছে আনফালে এইখন চৰকাৰেই চৰকাৰী ভাৱে বনভোজ আয়োজন কৰিছে । চৰকাৰৰ মন্ত্ৰী বিধায়কে শ শ মানুহ গোটাব পাৰে কিন্তু মাঘ বিহু ক্ষেত্ৰতহে প্ৰতিবন্ধকতা আহিছে ।”

লগতে পঢ়ক- লখিমপুৰ জিলাৰ ঘূণাসুঁতিত গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

ইফালে ছয় জনগোষ্ঠী জনজাতিকৰণৰ সন্দৰ্ভতত তেওঁ কয়, ৰক্তাক্ত মুখ্যমন্ত্ৰীয়েহে কৰিব বিছাৰিছে । জনজাতিকৰণ বিচৰা আৰু জনজাতিকৰণ পোৱা লোকৰ মাজত আলোচনা কৰি বিষয়টো আগবঢ়াই নিলে কিয় ৰক্তাক্ত হ’ব বুলি তেওঁ মুখ্যমন্ত্ৰীক প্ৰশ্ন তোলে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply