নিউজ ডেস্কঃ মাতৃহীনা হ’ল লুৰিণ জ্যোতি গগৈ। মাতৃক হেৰুৱাই শোকত ভাগি পৰিছে অজাপৰ সভাপতিগৰাকী। শোকাকুল পৰিৱেশত আজি মাতৃ দুলু গগৈক শেষ বিদায় জনালে অজাপৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে।

বুধবাৰে নিশা ১০.৪৫ বজাত মৃত্যু হয় অজাপৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ।

উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তেওঁ।

২৯ মার্চত প্রেছাৰ ষ্ট্রোক হৈ হঠাৎ অসুস্থ হৈ পৰা দুলু গগৈক ডিব্ৰুগড়ৰ সঞ্জীৱনী নার্ছিং হোমত ভর্তি কৰোৱা হৈছিল৷

আজি তিনিচুকীয়াৰ লাইপুলিস্থিত নিজা বাসগৃহত শেষকৃত্য সম্পন্ন কৰা হয় লুৰিণ জ্যোতি গগৈৰ মাতৃৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Join the Conversation

1 Comment

Leave a comment

Leave a Reply