নিউজ ডেস্কঃ সমূখত লোকসভা নিৰ্বাচন। এইবাৰ লোকসভা নিৰ্বাচনত লুৰীণজ্যোতি গগৈক এআইইউডিএফ-য়ে সমৰ্থন আগবঢ়োৱাৰ প্ৰসংগত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মিত্ৰতাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে।
লুৰীণজ্যোতি গগৈয়ে সাংবাদিকৰ আগত কয় যে- ‘অতি সাম্প্ৰদায়িক এজেণ্ডা লৈ এইধৰণৰ মন্তব্য দিছে AIUDFয়ে। বিজেপিৰ শ্ৰুতলিপি মতেই AIUDF চলি আছে। অমিত শ্বাহ অসমলৈ আহোতে মিছন-১২ বুলি কৈছিল। অৰ্থাৎ মিছন-১৪ বুলি কোৱা নাই। কাৰণ দুখন আসন বিজেপিয়ে AIUDFক এৰি দিছে।’
ইফালে, বদৰুদ্দিন আজমলক সমালোচনা কৰি তেওঁ কয়- ‘বদৰুদ্দিন আজমল অসমীয়া জাতিৰ শত্ৰু। বদৰুদ্দিন আজমল বিজেপিৰ সঞ্জীৱনী সুধা। AIUDFয়ে অসম জাতীয় পৰিষদক সমৰ্থন দিবলৈ সাহস ক’ত পালে?’ বদৰুদ্দিন আজমলে বিজেপিৰ সৈতে সন্মিলিতভাৱে এজেণ্ডা প্ৰস্তুত কৰে। এআইইউডিএফ হৈছে বিজেপিৰ এজেন্ট।’
লগতে লুৰীণজ্যোতি গগৈয়ে কয়- ‘অসমৰ ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এই মন্তব্য কৰিছে AIUDFয়ে। লোকসভাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ কি স্থিতি হ’ব সেই বিষয়ে দলৰ মজিয়াত আলোচনা হ’ব।’