গুৱাহাটী : প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ ক্ষেত্ৰত ভুৱা কৃষকৰ নাম অন্তৰ্ভুক্ত হোৱাকলৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শনিবাৰে দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত সর্বাধিক অনিয়ম অসমত সংঘটিত হৈছে। দেশৰ মুঠ ভুৱা কৃষকৰ এক পঞ্চমাংশ অসমৰে। প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ ধনেৰে অসমত ভােট কিনিছিল বিজেপিৰ চৰকাৰে।
লুৰীণজ্যোতি গগৈয়ে কয় যে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিত অসমত ব্যাপক দুর্নীতি-অনিয়ম সংঘটিত হৈছে। এই বিষয়টোয়ে যি হাৰে গুৰুত্ব পাব লাগিছিল, সেই হাৰে গুৰুত্ব পােৱা নাই৷ ভাৰত চৰকাৰৰ কৃষিমন্ত্রী নৰেন্দ্ৰসিং টোমৰে যােৱা ২০ জুলাইৰ দিনা লােকসভাত দাখিল কৰা তথ্য অনুসৰি সমগ্ৰ দেশত ৪২ লাখ লােকৰ নাম “ভুলক্রমে” এই আঁচনিৰ তালিকাত সােমাই গৈছিল, যিসকল আচলতে উক্ত আঁচনিৰ অধীনত সাহায্য পােৱাৰ যােগ্য লােক নহয়৷
এনে অযােগ্য ৪২ লাখ লােকক গাইপতি ৬ হাজাৰ কৈ মুঠ ২৯৯২ কোটি টকা প্রদান কৰা হয়৷ অসমত উক্ত আঁচনিৰ অধীনত মুঠ ২৬.৫০ লাখ লােকক বাচনি কৰা হৈছিল যাৰ ভিতৰত ৮,৩৫ লাখ লােক অযােগ্য কৃষক। এই অযােগ্য কৃষকসকল ৫৫৪ কোটি টকা “ভুলক্রমে” আদায় দিয়া হৈছিল৷ এই ধনখিনি উক্ত “অযােগ্য” কৃষকসকলৰ পৰা ঘূৰাই লােৱা হ’ব। উল্লিখিত ধনখিনি নভেম্বৰ ২০২০ ৰ পৰা মার্চ ২০২১ মাহলৈ আদায় দিয়া হৈছিল৷
অসমৰ কৃষিমন্ত্রী অতুল বৰাই ৫ জুলাই ২০২১ তাৰিখে কেন্দ্রীয় কৃষি ৰাজ্যমন্ত্রী পুৰুষােত্তম পালাৰ উপস্থিতিত গুৱাহাটীত আয়ােজিত সংবাদ মেলত প্রকাশ কৰিছিল যে অসমৰ মুঠ ৩৬ লাখ কৃষক পৰিয়ালক উক্ত আঁচনিৰ বাবে ‘যোগ্য’ বিবেচনা কৰি ধন আদায় দিয়া হৈছিল যদিও পিছলৈ তাৰে ১৯.৪৭ লাখকহে ‘যােগ্য’ আৰু ১১,৭২ লাখক ‘অযােগ্য’ পােৱা হয়৷ আনহাতে প্রায় ৫ লাখ কৃষক হতাধিকাৰীযাক সাহায্যৰ ধন আদায় দিয়া হৈছে। যি সকল বর্তমানলৈকে অচিনাক্ত হৈ আছে।
এখন আৰ টি আই আবেদনৰ উত্তৰ দি কৃষি বিভাগে বিগত জুন মাহত জনাইছে যে অসমত প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত ধন লাভ কৰা ৯,৩৯, ১৪৬ গৰাকী ভুৱা/অযােগ্য কৃষকক ধন ঘূৰাই দিবলৈ জনােৱা হৈছে যদিও তাৰে মাত্র ৮১৭ গৰাকীয়েহে ধন ওভতাই দিছে।
মন কৰিবলগীয়া যে অসমৰ কৃষিমন্ত্রী, লােকসভাৰ তথ্য আৰু আৰ টি আইৰ তথ্যৰ মাজত মিল নাই। দেশৰ মুঠ ৪২ লাখ ভুৱা কৃষকৰ ৮.৩২ লাখ অথাৎ ১৯, ৮ শতাংশ অসমৰে অর্থাৎ এক পঞ্চমাংশ।
অসমত সর্বাধিক হিতাধিকাৰী কৃষক বৰপেটা জিলাৰ৷ দ্বিতীয় নগাঁও আৰু তৃতীয় কৃষিমন্ত্রী অতুল বৰাৰ গৃহসমষ্টি বা গোলাঘাট জিলা। আদায় দিয়া ধনৰ হিচাপত সর্বাধিক ধন বিতৰণ কৰা হৈছে নগাঁও জিলাত। দ্বিতীয় সর্বাধিক ধন বিতৰণ কৰা হৈছে কৃষিমন্ত্রী অতুল বৰাৰ গৃহ জিলা গেলাকাটত। কোন জিলাত কিমান ভুৱা কৃষক/হিতাধিকাৰী আছে, তাৰ তথ্য এতিয়ালৈকে ৰাজৱা কৰা নাই চৰকাৰে৷ হিতাধিকাৰী বাচনি কৰাৰ সময়ত আঁচনিৰ যােগ্যতা নিৰূপণৰ নিয়মাৱলীক মুঠেই গুৰুত্ব দিয়া হােৱা নাছিল৷ যেনে চৰকাৰী চাকৰিয়াল, চৰকাৰী ঠিকাদাৰ, ধনী ব্যক্তি আদিকো উক্ত ধন দিয়া হৈছিল৷
যিসকল কৃষি বিষয়া-কর্মচাৰীয়ে যােগ্যতা নিৰূপনৰ নিয়মাৱলী উলংঘ কৰি অযোগ্য লােককে কৃষক হিতাধিকাৰী সজাই তালিকাভূক্ত কৰিছিল, এতিয়া সেইসকল কৃষি বিষয়া-কৰ্মচাৰীকে অযােগ্য কৃষকৰ তালিকা প্রস্তুতৰ দায়িত্ব দিয়া। ভুৱা/অযােগ্য কৃষক বােলা হিতাধিকাৰীসকলক ধন ঘুৰাই দিবলৈ কোৱা হৈছে যদিও যিসকল বিষয়া-কৰ্মচাৰীয়ে অযােগ্য লােককো তালিকাভূক্ত কৰি অনিয়মৰ আশ্ৰয় লৈছিল, সেইসকল কৃষি বিষয়া-কৰ্মচাৰীৰ ওপৰত এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰা হােৱা নাই৷
লগতে পঢ়ক : ধ্বংসৰ গৰাহঁত ঐতিহাসিক জগদাত্ৰী দৌল
প্রধানমন্ত্রী কিষান সন্মান নিধি আঁচনিখন ২০১৮ চনৰ ১ ডিচেম্বৰত ঘােষণা কৰা হৈছিল৷ কিন্তু অসমত আঁচনিখনত দুর্নীতি-অনিয়ম সংঘটিত হ’ল ২০২০ চনৰ নভেম্বৰ মাহৰ পৰা ২০২১ চনৰ মাৰ্চ মাহলৈ৷ অর্থাৎ বিধানসভা নির্বাচনৰ ঠিক আগে আগে৷ তাৰ মানে উক্ত আঁচনিৰ অধীনত উদ্দেশ্যপ্রণােদিতভাৱে অনিয়ম সংগঠিত কৰি যাকে-তাকে ধন দি বিগত বিধানসভা নির্বাচনৰ বাবে ভােট কিনাৰ ব্যৱস্থা কৰিছিল বিজেপি নেতৃত্বাধীন চৰকাৰে বুলি অভিযোগ উত্থাপন কৰে অসম জাতীয় পৰিষদে। ইমান ডাঙৰ এটা দুনীতি-অনিয়মৰ প্ৰসংগত অসমৰ শাসক-বিৰােধী উভয় পক্ষ নিৰৱ হৈ থকাটো লক্ষ্যণীয়৷ আনকি অসম বিধানসভাৰ শেহতীয়া অধিৱেশনতাে বিষয়টো গুৰুত্ব সহকাৰে চৰ্চা নহ’ল৷ গতিকে বিষয়টো সন্দৰ্ভত বিৰােধী শিবিৰে সন্মিলিতভাৱে নিজৰ দায়িত্ব পালন কৰা উচিত বুলিও কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।