তামুলপুৰ : সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিডৰ দ্বিতীয়টো ঢৌ সংহাৰী ৰূপ ধাৰণ কৰিছে। ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি অৰ্ধ লকডাউন চলি থকাৰ মাজতে গুজৰাটৰ পৰা এখন দুমহলীয়া বিলাসী বাছ আহি উপস্থিত হ’ল কুমাৰীকাটাত। গোপনে গুজৰাটৰ পৰা অহা বিলাসী বাছখনৰ পৰা উদ্ধাৰ হ’ল ৩০ গৰাকী পুৰুষ-মহিলাসহ ৯ গৰাকী কিশোৰী।
ৰাজ্য চৰকাৰৰ ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা ভংগ কৰি দুমহলীয়া বিলাসী বাছেৰে ভাৰত-ভূটান সীমান্তৰ পৰা ৩০ গৰাকী পুৰুষ-মহিলাসহ ৯ গৰাকী কিশোৰীক গুজৰাটলৈ নিয়াৰ চেষ্টাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে বাক্সা জিলাৰ তামুলপুৰৰ কুমাৰীকাটাত। আৰক্ষীৰ অনুসন্ধানত মানৱ সৰবৰাহৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা। তামুলপুৰৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ পৰা কাম দিয়াৰ চলেৰে চোৰাংভাৱে কিশোৰীক গুজৰাটলৈ নিবলৈ চেষ্টা চলাওঁতে শিশুসহ আটক কেইবাজনো এজেন্ট।
গিজে-১৪ভি-৭১১১ নম্বৰৰ গুজৰাটৰ দুমহলীয়া বাছেৰে গুজৰাট অভিমুখে যাত্ৰা কৰাৰ সময়তে ২৪ নং এছ এছ বিৰ বিহংগপুৰস্থিত কেম্পৰ এজন জোৱানে কুমাৰীকাটা আৰক্ষীক খবৰ দিয়াৰ লগে লগেই আৰক্ষী বাছখনৰ চালক আৰু এজেণ্ট কেইজনক আটক কৰাৰ লগতে উদ্ধাৰ কৰে ৯ গৰাকী কিশোৰীক।
লগতে পঢ়ক : এন আৰ চিৰ প্রাক্তন মুখ্য সমন্বয়কৰ বিৰুদ্ধে এ পি ডব্লিউৰ গোচৰ
গুজৰাটৰ মাছ ফেক্টৰীত কাম দিয়াৰ নামত কিশোৰীসকলক গোপনে নিয়াৰ সময়তে আৰক্ষীয়ে জব্দ কৰে বাছখনক। গুজৰাটৰ ৰামেশ্বৰী নামৰ মাছৰ ফেক্টৰীত এইসকল পুৰুষ-মহিলা আৰু কিশোৰীক কৰ্ম সংস্থাপন দিবলৈ বুলি আশ্বাস প্ৰদান কৰি গুজৰাটৰ পৰা পোনে-পোনে বাছখন অসমলৈ আহে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যত আন্তজিলা বন্ধ হৈ থকাৰ সময়তে কিদৰে অসম আহি পালে গুজৰাটৰ দুমহলীয়া বাছখন