গুৱাহাটীঃ বক্সাৰ লাভলীনা বৰগোহাঁইলৈ বিলাসী গাড়ী উপহাৰ বঢ়ালে এটা প্ৰতিষ্ঠানে।
অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনালৈ ৰেনল্টে উপহাৰ হিচাপে আগবঢ়াইছে ‘কাইগাৰ’ নামৰ বিলাসী বাহনখন।
গুৱাহাটী মহানগৰীৰ ছয়মাইলস্থিত ৰেনল্টৰ ইণ্টেগ্ৰা শ্ব’ৰূমত অনুষ্ঠিত এক অনুষ্ঠানত এই উপহাৰ লাভলীনালৈ আগবঢ়োৱা হৈছে।
লগতে পঢ়কঃ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত গুৱাহাটীৰ ৰাজপথত চলিব কেবল ইলেক্ট্রিক আৰু চি এন জি বাছ
ৰেনল্টৰ বিক্ৰী আৰু বিপণন বিভাগৰ ভাইচ প্ৰেচিডেণ্ট সুধীৰ মালহোত্ৰাই লাভলীনাৰ হাতত এই বিলাসী বাহনখনৰ চাবি অৰ্পণ কৰিছে।লাভলীনাই মাক-দেউতাকলৈ আগবঢ়ালে এই উপহাৰ।
আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথেও লাভলীনালৈ আগবঢ়াইছে ১কোটি টকা।সেই অনুষ্ঠানত অংশ লৈ আজি পুনৰ গুৱাহাটীত উপস্থিত হৈছেহি খেলুৱৈগৰাকী।