গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো জটিল ৰূপ লৈছে কভিডৰ ভয়াৱহ সংক্ৰমণে ৷
ৰাজ্যৰ কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য় ৰাখি কামাখ্যা দেৱালয় দৰ্শনাৰ্থীৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত লয় কামাখ্যা দেৱালয় কৰ্তৃপক্ষই ।
ইতিমধ্যে ৰাজ্য চৰকাৰে অসমৰ সকলো ধৰ্মীয় স্থান ১৫দিনৰ বাবে বন্ধ ৰাখিবলৈ বুধবাৰে জাৰি কৰা এছ অ’ পিত উল্লেখ কৰিছে।
আৰু পঢ়কঃমানকাচৰত মাৰাত্মক ক’ভিডৰ ভয়াবহ সংক্ৰমণ : আক্রান্তৰ সংখ্যা ৩১৭ জনলৈ বৃদ্ধি
আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ শক্তিপীঠ কামাখ্যা বন্ধ ৰখা হ’ব বুলি ঘোষণা কৰিছে মন্দিৰ কৰ্তৃপক্ষই।
পৰিস্থিতি সুস্থিৰ হ’লেহে পুনৰ মুকলি কৰিব কামাখ্যা দেৱালয় ।
কামাখ্যা দেৱালয়লৈ অহা দৰ্শনাৰ্থীৰ পৰা যাতে গণসংক্ৰমণ সৃষ্টি নহয় তাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।
উল্লেখ্য যে, অসমত বুধবাৰৰলৈকে কৰোনাত আক্ৰান্তৰ সংখ্যা ৩১০০৮৬জনলৈ বৃদ্ধি পাইছে।
ইয়াৰে ১৪৫৬জন কামৰূপ মেট্ৰ’ৰ, ৪৬০জন কামৰূপ গ্ৰাম্যৰ, ৩৮১জন ডিব্ৰুগড়ৰ, ২৯৩জন নগাঁৱৰ।
ইফালে, ৰাজ্যত চিকিৎসাধীন হৈ আছে ৪০৯৭০জন কোৰোনাক্ৰান্ত ৰোগী।