মাজুলীঃ সমগ্ৰ অসম জোকাৰি যোৱা মাজুলী নাও দুৰ্ঘটনাৰ মাত্ৰ এমাহ হোৱাৰ পাছতেই নিমাতী ঘাটত পুনৰ আৰম্ভ হ’ল একক ইঞ্জিন যুক্ত ফেৰী চলাচল।
এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই এক ইঞ্জিনযুক্ত ফেৰী চলাচল বন্ধৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
কিন্তু অভিশপ্ত নিমাতী ফেৰী দুৰ্ঘটনাৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ল’লে এই চৰম সিদ্ধান্ত । পুনৰ মাজুলীবাসীক চৰম ভেঙুচালি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ।
লগতে পঢ়কঃকোভিড বিধি উলংঘা কৰি কণ কণ ছাত্ৰ- ছাত্ৰীক লৈ বিদ্যালয়ত চলিছে পাঠদান
দুখনকৈ গুটীয়া নাওঁ এছ.বি. ৰাজকুমাৰ আৰু পঞ্চাননী আজিৰ পৰা কমলাবাৰী আৰু নিমাতীৰ মাজত চলিছে । ফেৰীৰ ওপৰত কঢ়িয়াইছে কুৰিৰো অধিক দুচকীয়া বাহন। লগতে তিনিখনকৈ চাৰিচকীয়া বাহন। ইয়াকে লৈ এতিয়া মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
যিহেতু এনে একক ইঞ্জিন যুক্ত নাৱৰ বাবেই তিনিজনকৈ লোকৰ প্ৰাণ গৈছিল, তাৰ পিছতো কিয় এই চৰম সিদ্ধান্ত ল’লে জল পৰিবহণ বিভাগে সেই লৈ এতিয়া জনসাধাৰণৰ মাজত প্ৰশ্নৰ উত্থাপন হৈছে।