শ্ৰীশ্ৰী মাধৱ দেৱৰ তিৰোভাৱ তিথি

টীয়ক: আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি।যোৰহাট জিলাৰ পূব প্ৰান্তত মহাপূৰুষজনাই নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰতো সমগ্ৰ ৰাজ্যৰ লগতে উদযাপন কৰা হৈছে তিৰোভাৱ তিথি।

কভিডৰ আতংকৰ মাজতে পূৰ্বৰ দৰে উলহ মালহেৰে উদযাপন কৰিবলৈ পৰা নাই যদিও আধ্যাত্মিকতা ৰক্ষা কৰি চৰকাৰে বান্ধি দিয়া কভিডৰ নীতি নিয়ম অৱলম্বন কৰি পুৱাই নামপ্ৰসংগ,দিহানামেৰে আৰম্ভ কৰিছে দিনযোৰা কাৰ্যসূচীৰ।

ইপিনে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলেও নিজ নিজ মনকামনা পূৰণৰ অৰ্থে এগছি বন্তি,শৰাই,নবদ্য আগবঢ়াই নেদেখাজনৰ চৰণত সেৱা লৈছে।

লগতে পঢ়ক জামুগুৰিহাটত কোভিড প্ৰটকল ভংগকৰি পৰীক্ষা অনুষ্ঠিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply