মাজুলীঃ আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱ দেৱৰ তিৰোভাৱ তিথি।ৰাজ্যজুৰি ভক্তিপ্ৰাণ ৰাইজে পালন কৰিছে গুৰুজনাৰ এই তিৰোভাৱ তিথি।
সত্ৰ-নামঘৰত পুৱাৰে পৰা হৰিনাম-কীৰ্তনৰ মহা আয়োজন চলিছে মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে।
আধ্যাত্মিকতাৰে সত্ৰীয়া পৰম্পৰা অনুসৰি মাজুলীৰ সত্ৰ সমূহত পালন কৰা হৈছে গুৰু জনাৰ এই পবিত্ৰ তিথি।
লগতে পঢ়কঃমানকাচৰৰ সুখচৰ বেৰাভাঙাত গড়াখহনীয়াৰ কাল ৰূপ
মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ, কমলাবৰী সত্ৰ, ভোগপুৰ সত্ৰ সকলোতে পূৱাৰ ভাগৰ পৰা ভকত বৈষ্ণৱ সকলে নাম প্ৰসংগ কৰি পৰম্পৰাগতভাৱে আয়োজন কৰা হৈছে মাধৱদেৱৰ তিথি।
এনেদৰে পবিত্ৰ ভাদ মাহৰ এই পবিত্ৰ তিথি উপলক্ষে হৰি নামৰ ৰসত বুৰ গৈছে মাজুলী ।