ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ পদত আবেদন কৰিব নোৱাৰিব মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে। ইয়াৰ ফলত মাদ্ৰাছা টেট উত্তীৰ্ণ  প্ৰায় ২০ হাজাৰ প্ৰাৰ্থীৰ আশাত পৰিল চেচাপানী!

এই পদৰ সমূহত মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব বুলি চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ফলত হাজাৰ হাজাৰ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ শিক্ষক পদৰ বাবে আবেদনৰ পথ সম্পূৰ্ণৰূপে ৰুদ্ধ হৈ পৰিল।


অসম চৰকাৰে যোৱা ১০ ছেপ্তেম্বৰ ২০২০ত এক অধিসূচনা জাৰি কৰি মাদ্ৰাছা টেট উত্তীৰ্ণক সাধাৰণ শিক্ষক পদৰ বাবে দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰে। আৰু তাৰ পিছতে নিযুক্তি বঞ্চিত বহুসংখ্যক মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কিন্তু অৱশেষত গুৱাহাটী হাইকোৰ্টে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখে।


উল্লেখ্য যে,  ২০১৪ চনত অসম চৰকাৰে প্ৰাদেশীকৃত শিক্ষানুষ্ঠাসমূহত নিযুক্তিৰ অংশ হিচাপে মাদ্ৰাছা টেট পৰীক্ষা অনুষ্ঠিত কৰিছিল। আৰু ফলাফল অনুসৰি প্ৰায় ২০,৫০০ গৰাকী প্ৰাৰ্থী পৰীক্ষাত উত্তীৰ্ণ হৈছিল। সাধাৰণ টেট আৰু মাদ্ৰাছা টেট দুয়োটা পৃথক হোৱাৰ বাবেই চৰকাৰে ইয়াক বাতিল কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply