আকৌ ভোগালী আহিল। বিশ্বায়নৰ কেঁকোৰা চেপাত হাবু-ডুবু খালেও ভোগালী আহিছে, ভবিষ্যতেও আহিব। কিয়নো এই লোক উৎসৱবোৰ ৰাইজৰ প্ৰাণতকৈও আপোন। পৃথিৱীৰ নীতি তথা একতা আৰু সমন্বয়-সম্প্ৰীতি জড়িত থকা এই উৎসৱবোৰ ঐতিহ্যৰ অংগ আৰু সংস্কৃতিৰ প্ৰতীক।


ভোগালী বিহুত ভোগৰ প্ৰাচুৰ্যৰ পয়োভৰ বেছি-ই প্ৰাচুৰ্যৰ প্ৰতীক। বিহুৰ আগদিনা উৰুকা। উৰুকাৰ নিশা ভেলাঘৰ বা হাৰলি ঘৰ সাজি মানুহে ফূৰ্তি কৰি সমূহীয়াকৈ ভোজ ভাত খায়। পুৱাতেই মূল মেজি জ্বলায় আৰু মনৰ অভীষ্ট সিদ্ধিৰ বাবে অগ্নিদেৱতাক সেৱা জনাই l

ভোগালী বিহুৰ কাৰ্যসূচী আৰম্ভ হয় পুৱাই কামপুৰ মাধৱ কন্দলী ক্ষেত্ৰত। এই কাৰ্যসূচীত উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে অঞ্চলটোৰ বহু কেইগৰাকী গন্য মান্য ব্যক্তি। বৰ্তমান বিশ্বায়নৰ কোবাল ধুমুহাত কৃষিজীৱী জনসাধাৰণে দিক-বিদিক হেৰুৱাই পেলাইছে, অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছে।

যদিও সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতিৰ এনাজৰীডালক ভিন্ন-ভিন্ন কৰিবলৈ উঠিপৰি লাগিছে। এনে এক জটিল সন্ধিক্ষণত ভোগালী আকৌ আহিছে।

লগতে পঢ়ক – ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত পালন কৰিছে হেঁপাহৰ ভোগালী,মেজি জ্বলাই অপায় অমংগল নাশ হোৱাৰ কামনা

উৎসৱৰ এই পৱিত্ৰ ক্ষণত সকলোৱে মিলি মেজিৰ জুইকুৰাৰ ওচৰত এবাৰ প্ৰাৰ্থনা জনাই- মেজিৰ এই পৱিত্ৰ জুইকুৰাই যেন আমাৰ মনৰ সকলো কলূষতা, অসূয়া-অপ্ৰীতি আঁতৰাই নিয়ে আৰু অশুভ শক্তিবোৰক নাশ কৰি এখন নিকা সমাজ গঢ়াত সহায় কৰে এইয়ে প্ৰাৰ্থনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply