১০৯সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। ঐতিহাসিক ভোগালী বিহু উদযাপনে সমাজৰ একতা শক্তিশালী কৰাত প্ৰভুত বৰঙণি আগবঢ়াই আহিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই অনুষ্ঠানতে সমাজ জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ভোগালী বিহু উৎসৱৰ এখন স্মৰণিকা উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে। একেদিনাই নগাঁও ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী স্মাৰক উদ্বোধন কৰে।

সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰতো ভোগালী বিহু উদযাপন কৰা হয়। এই উপলক্ষ্যে পহিলা মাঘৰ দিনটোত সত্ৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হয়।
বৰপেটাত আজি পালন কৰা হৈছে বৰদোমাহী। আজিৰ দিনটোত সত্ৰলৈ গৈ সেৱা কৰাৰ নিয়ম বৰপেটাবাসীৰ।সংক্ৰান্তিৰ পৰা চাৰিদিনীয়াকৈ পালন কৰা হয় ভোগালী উৎসৱ । নাম-প্ৰসংগৰে মুখৰিত কীৰ্ত্তন ঘৰৰ প্ৰাংগণ।
মেজি জ্বলোৱা পৰ্বৰ শুভাৰম্ভ কৰে সত্ৰৰ ডেকা সত্ৰীয়াই। মেজিৰ ছাইৰে ফোট দি আটাইৰে মংগলা কামনা ডেকা সত্ৰীয়াৰ।

আনহাতে পহিলা মাঘৰ দিনটোত হেঁপাহৰ ভোগালী বিহু উপলক্ষে কলিয়াবৰৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ল পৰম্পৰাগত খেল-ধেমালি। কলিয়াবৰৰ ভিন্ন গ্ৰাম্যঞ্চলত মহিলা-যুৱতী, শিশুৱে পৰম্পৰাগত খেল-ধেমালিত অংশগ্ৰহণ কৰি উদযাপন কৰিলে হেঁপাহৰ ভোগালী বিহু।

লগতে পঢ়ক- আজিৰে পৰা ভেকচিন নোলোৱা লোকৰ ৰাজহুৱা স্থানত প্ৰৱেশত বাধা

পহিলা মাঘৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰসমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। পুৱাৰে পৰা মা অন্নপূৰ্ণাৰ আশীষ ল’বলৈ দীপ্তেশ্বৰী দেৱালয়ত ভিৰ অগণন ভক্তৰ।

মাঘৰ প্ৰথম দিনটোত হাজোত উখল-মাখল পৰিৱেশ দেখা যায়। হয়গ্ৰীৱ মাধৱ মন্দিৰত পুৱাৰে পৰা ভক্তৰ ভিৰ। এইবাৰ কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে হাজোৰ মণিকূট উৎসৱ। সমন্বয়ৰ যাত্ৰাও বাতিল কৰিছে।

পৰম্পৰা ৰক্ষা কৰি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈ আৰু পোৱামক্কাৰ খাদিমে আদান-প্ৰদান কৰে পতাকা। সমন্বয়-সম্প্ৰীতিৰ বাৰ্তা লৈ অনুষ্ঠিত হয় এই কাৰ্যসূচী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply