টীয়ক: আজি মাঘ বিহু।এয়া টীয়কৰ কাকজান বামকুকুৰাচোৱা গাঁৱৰ দৃশ্য। গাঁৱৰ বয়োজেষ্ঠ সকলে এনেদৰে হৰিধ্বনি দি মাঘৰ মেজি জ্বলাই সকলোৰে কুশল কামনা কৰে।লগতে মঘীয়া জুইৰ ওম লৈ মেজিৰ কাষত ললে বিহুৰ জলপানৰ জুতি।

উল্লেখযোগ্য যে পূৰ্বৰ পৰা ব কুকুৰাচুৱা গাঁৱবাসীয়ে এইদৰে মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি আহিছে।উৰুকাৰ নিশা ভোজ ভাতৰ পাছত পুৱা গাঁৱৰ পুৰুষ মহিলা বৃদ্ধ বৃদ্ধা সকলো বুঢ়া মেজিৰ তলত আধ্যাত্মিকতা ৰক্ষা কৰি সেৱা লৈছে লগতে সকলোৱে মেজি স্থলীতে একেলগে পুৱাৰ চাহ জলপান গ্ৰহণ কৰিছে আৰু সকলোৰে মংগল কামনা কৰি বুঢ়া মেজিৰ তলত সেৱা লৈছে।

মেজিৰ কাষতে গাওবাসীয়ে গ্ৰহন কৰিলে বিহুৰ জা-জলপান

উল্লেখযোগ্য যে মেজিৰ পাছতে দিনৰ ভাগত টেকেলী ভঙা,ৰচী টনা,দৌৰ,পিছল খুটাত বগুৱা আদি পৰম্পৰাগত খেলৰ প্ৰতিযোগিতাৰ অনুস্থিত কৰিছে আৰু সন্ধিয়া স্থানীয় শিল্পীসকলৰ সমাহাৰে এক সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰিছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।

লগতে পঢ়ক- এফালে ভোগৰ ভোগালী আনফালে ৬০ মাহে দৰমহাৰ বঞ্চিত কৰ্মচাৰীৰ মাজত হুমুনিয়াহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,472 other subscribers

Leave a comment

Leave a Reply Cancel reply