আজি মাঘ বিহু। উৰুকাৰ নিশা লগে-ভাগে এসাজ ৰান্ধি খাই পুৱা মেজিৰ জুইৰ তাপ ল’লে অসমীয়াই। বিভিন্নস্থানত ৰাইজে সমূহীয়াকৈ মেজিৰ জুইত তাপ লৈ অগ্নিক সেৱা কৰিলে।
সকলো অপায় অমংগল মেজিৰ জুইত জ্বলি বিনষ্ট হোৱাৰ কামনাৰে ৰাজ্যজুৰি দোমাহী দিনা জ্বলোৱা হ’ল মেজি।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীৰ বিভিন্ন অঞ্চলত পুৱাৰ ভাগত ৰাইজ মেজিৰ বাকৰিত একত্ৰিত হৈ মেজি জ্বলায়।
মহানগৰীৰ গণেশগুৰিৰ গণেশ উদ্যানত ৰাইজে উৰুকাৰ নিশা তৃপ্তিৰে এসাজ খাই পুৱাৰ ভাগত মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনায়।

মেজিৰ জুইত যাতে সকলো অপায় অমংগল জ্বলি নাশ হয় ইয়াৰে কামনা কৰে ৰাইজে। বিগত বছৰ সমূহত ক’ভিড মহামাৰীয়ে মানৱ জাতিৰ বাবে কঢ়িয়াই অনা সংকট যাতে বিনষ্ট হয় ইয়াৰে কামনা কৰে ৰাইজে।
গণেশগুৰি অঞ্চলৰ ৰাইজে নাম প্ৰসংগৰে ঈশ্বৰক স্মৰণ কৰে। প্ৰতিবছৰে গণেশ উদ্যানৰ মাঘ বিহুৰ প্ৰথমটো দিনা মেজিৰ বাকৰিত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা হয় যদিও এইবাৰ ক’ভিড মহামাৰীৰ বাবে কেৱল পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলোৱা হয়।