বঙাইগাৱৰ ভেলাঘৰ

বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী কমিটীয়ে মাঘ বিহুৰ উৰুকাৰ নিশা সান্ধ্য আইন পিছুৱাই দিবলৈ আহ্বান জনাইছে। নিশা ১২ বজালৈ সান্ধ্য আইন পিছুৱাই দিবলৈ আহ্বান জনোৱাৰ লগতে উৰুকাত নৈশ সান্ধ্য আইন নিশা ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সংকুচিত কৰাৰ আহ্বান জনাইছে।
সংবাদমেলযোগে চৰকাৰক এই আহ্বান জনালে গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী কমিটীয়ে।সংবাদমেলত বিহু সন্মিলনীয়ে চৰকাৰলৈ আগবঢ়োৱা মন্তব্যত কয়, “নিশা ১০ বজাৰ পূৰ্বে উৰুকাৰ ভোজভাত সমাপ্ত কৰা সম্ভৱ নহয়।সূৰ্য্য উদয় হোৱাৰ আগে আগে মেজি জ্বলোৱা হয়।সেয়ে পুৱা ৫ বজালৈকে সান্ধ্য আইন হোৱাতো বিচাৰে।”

ৰাজ্যজুৰি এতিয়া ভোগালীৰ উৎসাহ। গাঁৱলীয়া পৰিৱেশৰ পৰা কনক্ৰিটৰ গুৱাহাটী মহানগৰীলৈকে এতিয়া বিহুৰ পাৰভঙা উছাহ। প্ৰস্তুতি চলিছে লাৰু-পিঠা, দৈৰ লগতে ভোগৰ সকলো সামগ্ৰীৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে সৰুপথাৰতো চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি৷ সৰুপথাৰৰ নাহৰনিৰ মাঘ বন্ধা পথাৰত চিফুঁৰ উদ্যোগত চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত হৈছে মাঘী নামেৰে প্ৰাক ভোগালী মেলা। এই ভোগালী মেলাত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ লগতে বিভিন্ন সা-সামগ্ৰী উপলব্ধ হৈছে। মেলাৰ বাকৰীত ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ।

লগতে পঢ়ক- ভোগালী বিহু উদযাপনৰ ক্ষেত্ৰত চৰকাৰৰ নীতি নিৰ্দেশনাকলৈ প্ৰশ্ন উত্থাপন সাংসদ অজিত কুমাৰ ভূঞাৰ

হাজোৰ ঐতিহাসিক মণিকূট উৎসৱ বাতিল কৰাৰ সিদ্ধান্ত। মনিকূট উৎসৱৰ লগতে বাতিল কৰা হ’ল সমন্বয় শোভাযাত্ৰাও । কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত উত্‍সৱ উদযাপন সমিতিৰ
জিলা উপাযুক্ত, আৰক্ষী অধীক্ষক আৰু আছু নেতৃত্বৰে বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হয়। প্ৰতিবছৰে মাঘৰ ১ তাৰিখে হাজোত অনুষ্ঠিত হয় মণিকূট উৎসৱ, সমন্বয় শোভাযাত্ৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply