ঢকুৱাখনাৰ ভেলাঘৰ

ৰাজ্য চৰকাৰে ক’ভিডৰ সংক্ৰমণৰ বাবে নীতি নিয়ম বনাইছে যদিও ৰাইজৰ মাঘ বিহুৰ আয়োজনক লৈ উছাহ কমা নাই। ৰাজ্যৰ চৌদিশে নিমাৰ্ণ হৈছে ভেলাঘৰ আৰু বিহুৰ প্ৰস্তুতি।

হানগৰীত এইবাৰ ভোগালীত সোৱাদ ল’ব পাৰিব গীৰ গাইৰ দৈ । বিক্ৰীৰ বাবে সাজু গৰুখুঁটিৰ গীৰ গাইৰ দৈ। গৰুখুঁটি প্ৰকল্পৰ গোশালাত প্ৰস্তুত কৰা হৈছে দৈ প্ৰথমবাৰৰ বাবে বিক্ৰী কৰা হ’ব ১০ কুইণ্টল দৈ। ৫০০ বাঁহৰ চুঙা আৰু ৫০০ মাটিৰ টেকেলিত প্ৰস্তুত কৰিছে দৈ
গুৱাহাটীৰ বজাৰৰ লগতে স্থানীয় বজাৰতো বিক্ৰী ব্যৱস্থা কৰা হৈছে।গুজৰাটৰ পৰা অনা হৈছিল এই গীৰ গাই সমূহ।

ৰহাৰ আমনিশালিৰ শিল্পী ভগৱান সেনাপতিৰ এইবাৰৰ ভেলাঘৰ ক’ভিড ভেকচিন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নাৰায়ণপুৰতো চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি ৷ সমান্তৰালভাৱে চলিছে ভেলাঘৰ নিৰ্মাণৰ এক অঘোষিত প্ৰতিযোগিতাও। উৰুকা নিশা হাঁহে-মাহে এসাঁজ খোৱাৰ বাবে নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্ত্তী ৰাজগড়- কমলপুৰ গাঁৱৰ যুৱকসকলে ৰংঘৰ আৰ্হিত নিৰ্মাণ কৰিছে ভেলাঘৰ ৷ কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া প্ৰট’কল ৰক্ষা কৰি গাঁৱৰ সকলোৱে একেলগে উৰুকা নিশা ভেলাঘৰৰ তলত এসাঁজ লগে ভাগে খোৱাৰ প্ৰস্তুতি চলিছে ৷

ঢকুৱাখনা ১ নং হিলৈদাৰী গাঁৱতো ভোগালী বিহুক লৈ ব্যাপক ব্যস্ততা। ঢেঁকীশালত চিৰা-পিঠা খুন্দাত ব্যস্ত হৈ পৰাৰ লগতে জুহালত বিধে বিধে পিঠা-পনা আৰু লাৰু আদি বনোৱাত ব্যস্ত পৰিছে। অঞ্চলটোৰ জীয়ৰী-বোৱাৰী সকল।

লগতে পঢ়ক- মিছেছ ইন্ডিয়া প্ৰতিযোগিতাত অনিষ্কা, সুস্মিতাৰ সাফল্য

আনহাতে হেঁপাহৰ ভোগালীক আদৰাক ব্যাপক প্ৰস্তুতি চলিছে কাজিৰঙাত ৷ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া গাওঁসমুহত চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি।

শিৱসাগৰৰ ডিমৌৰ পালেঙী ধোন্দৰমুখ গাঁৱতো ভোগালী বিহুক লৈ ব্যাপক ব্যস্ততা। পুৰুষসকলে ভেলাঘৰ নিৰ্মাণত ব্যস্ত থকাৰ বিপৰীতে মহিলাসকল, জিয়াৰী বোৱাৰীসকল ব্যস্ত বিহুৰ পিঠা-পনা তৈয়াৰ কৰাত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply