গুৱাহাটী : কংক্ৰিটৰ মহানগৰীত বসবাস কৰা নৱ প্ৰজন্মক সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াৰ প্ৰয়াস এজন মিষ্টাৰ অসমৰ।

ভোগালী প্ৰাকক্ষণত মহানগৰী গুৱাহাটীৰ নৱ প্ৰজন্মৰ বাবে মেজি নিৰ্মাণ কৰিছে ১৯৮৮ চনত লামডিংত অনুষ্ঠিত হোৱা মিষ্টাৰ অসম প্ৰতিযোগিতাৰ খিতাপ অর্জন কৰা বাবুল চেতিয়াই।

বৰ্তমান উলবাৰীত মেজি নিৰ্মাণ কৰাত ব্যস্ত বাবুল চেতীয়া। সতেজ অসম নামৰ এটি বেচৰকাৰী সন্থাৰ লগত জড়িত বাবুল চেতিয়াৰ উদ্দেশ্য মেজি, ভেলা ঘৰৰ লগত পৰিচিত নোহোৱা নৱ প্ৰজন্মক অসমীয়া সংস্কৃতিৰ মেজি আৰু ভেলা ঘৰৰ লগত পৰিচয় কৰাই দিয়া।

বাবুল চেতিয়াই ২০২১ বৰ্ষৰ পৰাই এই প্ৰয়াস চলাই আছে আৰু মহানগৰীবাসীৰ ব্যাপক সঁহাৰিও লাভ কৰিছে।

ঠাইৰ অভাৱত যাতে মেজিৰ আনন্দৰ পৰা যাতে মহানগৰবাসী বঞ্চিত নহয়, সেইহে সৰু সৰু মেজি নিৰ্মাণ কৰি বাবুল চেতীয়াই মহানগৰবাসীলৈ আগবঢ়াই দিছে এই সমূহ মেজি।

৭০০ ৰ পৰা ২৫০০ টকা পৰ্যন্ত দামত এই সমূহ মেজি বিক্ৰী কৰে বাবুল চেতীয়াই। মেজিৰ বাবে ঠাই থকা বহু লোকৰ বাবে বৃহৎ আকাৰত মেজিও নিৰ্মাণ কৰিছে বাবুল চেতীয়াই।

২০২১ চনত অকলে সৰু সৰু মেজি নিৰ্মাণৰ লগত জড়িত হৈ পৰা বাবুল চেতিয়াৰ লগত বৰ্তমান জড়িত হৈ আছে কেইবাজনো লোক।

লগতে পঢ়ক-যুগান্তকাৰী! প্ৰথমবাৰৰ বাবে সফলতাৰে মানৱ দেহত গাহৰিৰ হৎপিণ্ড সংৰোপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply