মৰাণ: অসমীয়াৰ হেপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । গাৱে-ভূঞে চলিছে এতিয়া মাঘ বিহুক আদৰাৰ প্ৰস্তুতি ।


মৰাণতো মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্ততি চলিছে । মৰাণত চৰাইদেউ জিলা চুতীয়া যুৱ সন্মিলন আৰু মৰাণ আঞ্চলিক চুতীয়া যুৱ সন্মিলন উদ্যোগত আৰু মাজপথাৰ, কাছমাৰী ৰাইজৰ সহযোগত তিলৈজান মাজপথাৰৰ বৰ্ণিল শিল্পী ধৰণী হাজৰিকা সমন্বয় ক্ষেত্ৰত অহা ১৫ আৰু ১৬ জানুৱাৰীত অনুষ্ঠিত কৰিব ।

ভোগৰ উৎসৱ ভোগালী বিহুৰ তথা মাঘীমেলাৰ আজি লাইখুটা স্থাপনেৰে বিহু প্ৰস্তুতি আৰম্ভ কৰিছে। ডেকা, জীয়ৰী, বোৱাৰী, আই সকল ওলাই আহিল শ্ৰম দান কাৰ্যসূচীলৈ।

লগতে পঢ়ক- ৰঙিয়াৰ চবনম আৰু মঙলদৈৰ মইনুলৰ ভয়ংকৰ সিদ্ধান্ত

বিহু মাৰি উলহ মালহে কৰিলে শ্ৰমদান। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা এই মাঘীমেলাখনিত অসমৰ কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী উপস্থিত থাকিব বুলি জানিব দিয়ে উদযাপন সমিতিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply