মৰাণ: মৰাণৰ ৰাইদঙীয়া ৰাসভৱনত আমগুৰি যুৱ সমাজ আৰু মহিলা সকলৰ উদ্যোগত ভোগৰ উৎসৱ ভোগালী বিহুৰ লগত সংগতি ৰাখি এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে মাঘীমেলা।

পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হোৱা কাৰ্যসূচীত কণ কণ শিশু সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা, তেকলীভঙা, দৌৰৰ লগতে মহিলা সকলৰ মাজত ৰছীটনা, দৌৰ, আৰু পুৰুষ সকলৰ মাজত ৰছীটনা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

অনুষ্টুপীয়াকৈ আয়োজন কৰা এই মাঘীমেলাখনিত ৰাইজৰ সহায় সহযোগিতা অফুৰন্ত দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক- দুটাকৈ ফোনক’ল ভাইৰেল হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰো সকীয়নি বিধায়ক অমিয় ভূঞাক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply