মৰাণ: সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত পঞ্চম বাৰ্ষিক মাঘীমেলাত উখল -মাখল পৰিবেশ ৷

মৰাণৰ মাজবিল-কল্যাণপুৰবাসীৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মাঘীমেলাৰ প্ৰথমদিনা মেজি প্ৰজ্বলনৰ পাছতে পৰম্পৰাগত খেলধেমালী অনুষ্ঠিত হয় ৷

ক’ভিড প্ৰটকলৰ মাজেৰে বিয়লি অনুষ্ঠিত হয় সম্বৰ্দ্বনা আৰু বঁটা প্ৰদান অনুষ্ঠান । চুতীয়া ছাত্ৰ সন্থাই প্ৰতিবছৰে প্ৰদান কৰি অহা দেবী চুতীয়া সোঁৱৰণী যুৱ সাংবাদিকতা বঁটা এইবাৰ আগবঢ়োৱা হয় সাংবাদিক ঋষেশ্বৰ বৰুৱাক।

সামাজিক দায়বদ্ধতা বঁটা ডা: সৰ্বেশ্বৰ ভূঞাক প্ৰদান

ধৰণী চুতীয়া সোঁৱৰণী সাংস্কৃতিক বঁটা চন্দ্ৰ চুতীয়া আৰু ফনীধৰ চুতীয়া সোঁৱৰণী সামাজিক দায়বদ্ধতা বঁটা ডা: সৰ্বেশ্বৰ ভূঞাক প্ৰদান কৰা হয়।

তদুপৰি অসম গৌৰৱ শিপিনী হেমপ্ৰভা চুতীয়া আৰু ৰাজ্যিক শিক্ষকৰ কৃতি বঁটা প্ৰাপ্ত সতীশ চুতীয়াক এই অনুষ্ঠানত সম্বৰ্দ্বনা জনোৱা হয় ৷ সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানত ৰমেন দানহ, ৰিদিপ ৰংকিতকে ধৰি কেইবাগৰাকীয়ো জনপ্ৰিয় শিল্পীয়ে গীত পৰিবেশন কৰে ৷

লগতে পঢ়ক–নিয়ন্ত্ৰণহীন গুৱাহাটীৰ চিটি বাছৰ খুন্দাত থিতাতে নিহত এজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply