তামুলপুৰ : যি সময়ত ক’ভিড ভেকচিন লোৱাৰ পিছতে এচাম লোকে চুম্বকত্ব লাভ কৰাৰ বাতৰি সম্প্ৰচাৰিত হৈ আছে সেইসময়তে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ এটি ১০ বছৰীয়া শিশুৱে লাভ কৰিছে চুম্বকত্ব শক্তি। কোনো ভেকচিন গ্ৰহণ নকৰা সত্বেও শিশুটিয়ে লাভ কৰিছে চুম্বকত্ব শক্তি।

চুম্বকত্ব শক্তিৰ ফলত শিশুটিৰ দেহত লাগি ধৰিছে চামুচ, ব্লেডৰ লগতে বিভিন্ন লোৰ সামগ্ৰী।শিশুটি কুমাৰীকাটা ডনবস্ক স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰাজবীৰ প্ৰধান।

লগতে পঢ়ক : এটা বছৰৰ কাৰাবাসৰ অন্তত মুকলি আকাশৰ তললৈ অসমৰ দেৱাংগনা কলিতা; দিল্লী উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰ

কুমাৰীকাটাৰ বিজু প্ৰধান আৰু মীনা প্ৰধানৰ দহ বছৰীয়া পুত্ৰ ৰাজবীৰ প্ৰধানৰ দেহত বিগত তিনি দিন ধৰি চুম্বকত্ব শক্তিতে ক্ৰিয়া কৰি আছে বুলি শিশুটিৰ পিতৃ-মাতৃৰ লগতে চুবৰীয়াৰ লোক সকলে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,596 other subscribers

Leave a comment

Leave a Reply Cancel reply