গোলাঘাট/টীয়কঃ আজি শুভমহালয়া। ঘোঁৰাত উঠি মৰ্ত্যলৈ আগমন ঘটিিল দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ।
মহালয়াই ধৰণীলৈ বোৱাই আনিলে শাৰদীয় দুৰ্গোৎসৱক । বৰ্তমান সময়ত সৰ্বতে মা দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি। সকলোৰে মাজত আনন্দ উৎসাহ উদ্দীপনা। প্ৰবাদ মতে মহালয়াই পৃথিৱীলৈ শুভ আগমণ জনাই মা দুৰ্গাক আৰু পুৱাৰ পবিত্ৰ বা জাকে শৰীৰ মন আত্মা সুস্থ কৰে।
গ্ৰীষ্মৰ উত্তাপ আঁতৰাই কাতিৰ মিঠা পৰশ সানিবলৈ শৰতৰ আগমনৰ এই পুৱাই বৃহত্তৰ টীয়কৰ বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ ৰাইজ প্ৰায় দুপৰ নিশা ২ বজাৰ পৰা ৰাজপথত খোজ কাঢ়িছে।
চৰকাৰে যদিও কোভিডৰ বিভিন্ন SOP জাৰি কৰিছে তৎসত্তেও ৰাইজে সকলো SOP লৈ ভ্ৰুক্ষেপ নকৰি মহালয়াৰ নীতি নিয়ম পালন কৰিছে। উল্লেখযোগ্য যে পূৰ্বৰ দৰে মহালয়াৰ পুৱা ৰাইজৰ বাবে টীয়কৰ অন্যতম ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰজ্ঞা ফাৰ্নিচাৰে ওলাই অহা ৰাইজলৈ একাপ বিনামূলীয়াকৈ লাল চাহৰ ব্যৱস্থা কৰি ৰাইজৰ সেৱাত ব্যস্ত হৈ পৰিছে।
লগতে পঢ়কঃহোজাই জিলাৰ ডবকাত মহিলা সন্ধানহীন
লগতে সকলোৱে এই মহালয়াৰ পবিত্ৰ দিনৰ পৰাই কভিড মহামাৰীৰ সন্ত্ৰাস শেষ হ’ব বুলি আশা প্ৰকাশ কৰিছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট,খুমটাই, সৰুপথাৰৰ লোক সকলক দেখা গ’ল মহালয়া উপলক্ষে পদব্ৰজে ওলাই অহা।
পুৱতি নিশাৰ পৰাই গোলাঘাটৰ ৰাজপথলৈ প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই আহিল ভিন্ন জন ৷
উজনিৰ পৰা নামনিলৈ দেৱী দুৰ্গাক আৰাধনা কৰাত এতিয়া ব্যস্ত হৈ পৰিছে সকলো।