বটদ্ৰৱা : মাজুলীৰ ৩৫ খন সত্ৰৰ লগতে তিনি শতাধিক নামঘৰ আৰু ১৫ খনকৈ অধিক ৰাজহুৱা মঞ্চত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উলহ মালহেৰে উদযাপন। সত্ৰ সমূহত নাম প্ৰসংগ, গায়ন-বায়ন, নাচ-নৃত্য আদি পৰিবেশনৰ জড়িয়তে গুৰুজনালৈ শ্ৰদ্ধা আগবঢ়াইছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উপলক্ষে হৰি নামৰ অমল ধ্বনিত মুখৰিত হৈ পৰিছে বটদ্ৰৱাৰ আকাশ বতাহ। পুৱাৰে পৰা আধ্যাত্মিক পৰিৱেশৰ মাজৰে দ্বিতীয় বৈকুণ্ঠপুৰিলৈ আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন প্রান্তৰ ভকত বৈষ্ণৱৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উৎসৱ উপলক্ষে ক’ভিড প্ৰট’কল ৰক্ষা কৰি ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত উৎসৱলৈ আগমন ঘটিছে তীৰ্থযাত্রী তথা ভক্ত বৈষ্ণবৰ।

লগতে পঢ়ক :  পূজা চাবলৈ গৈ ৰাজু মহাতোই হত্যা কৰিলে সতীৰ্থ গোপাল বর্মনক

বটদ্ৰৱা থানত গুৰু জন্মজয়ন্তীৰ আজি পুৱাৰে পৰা নিত্য নৈমিত্তিক প্ৰসংগৰ উপৰিও নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সকলো ভক্ত বৈষ্ণবক ক’ভিড প্ৰট’কল ৰক্ষা কৰি মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি গুৰুজনাৰ জন্মস্থানত অনুষ্ঠিত জন্মজয়ন্তী উৎসৱত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply