টীয়ক : আজি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি। ৰাজ্যৰ প্ৰতিটো নামঘৰ, সত্ৰসমূহত আজি মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰাজি হৰিনামেৰে মুখৰিত হৈ পৰিছে।ব্যতিক্ৰম নহয় টীয়কতো, মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো দিনজোৰা কাৰ্যসূচীৰে যুগদ্ৰষ্টা গুৰুজনাৰ জন্মজয়ন্তীভাগি উদযাপন কৰে।

দিনৰ বিভিন্ন কাৰ্যসূচীৰ পৰিসমাপ্তিৰ পাছত সন্ধিয়া নামঘৰ প্ৰাংগণত থকা ১৪৫০ শকত মাধৱ গুৰুজনাই নিজ হাতে ৰোৱা বট বৃক্ষৰ তলত ৫৭৩ গছি বন্তি প্ৰজ্বলন কৰি মহাপুৰুষজনালৈ ব্যতিক্ৰমী ৰূপত সেৱা আগবঢ়ায়। সন্ধিয়া নামঘৰ পৰিচালনা সমিতি তথা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বন্তি জ্বলাই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত এক সম্প্ৰীতিৰ আদৰ্শ দাঙি ধৰাৰ লগতে নিজৰ কৃষ্টি-সংস্কৃতি ৰক্ষাৰ চেষ্টা কৰিছে।

লগতে পঢ়ক : অশ্ৰুশিক্ত নয়নেৰে দেৱী বিসৰ্জন দিয়া কাৰ্য আৰম্ভ

উল্লেখযোগ্য যে এই পবিত্ৰ অনুষ্ঠানৰ পৰাই অসমত বাস কৰা প্ৰতিগৰাকী ব্যক্তিৰ ঘৰত একোখনকৈ মহাপুৰুষৰ চিত্ৰ ৰাখি নিজকে গৌৰৱে অসমীয়া বুলি পৰিচয় দিবলৈ লগতে অসম চৰকাৰে গুৰুদুজনাৰ তিথিত বন্ধ ঘোষণাৰ পৰিবৰ্তে উদযাপন কৰাৰ যি সিদ্ধান্ত লৈছে এয়া অতি আদৰণীয় বুলি অভিহিত কৰিছে উদ্যোক্তামণ্ডলীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply