টীয়ক : টীয়কৰ কানুপুখুৰীত গুৰুজনাৰ জন্মজয়ন্তী উদযাপন। পুৱা এক সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ কৰা হয় গুৰুজনাৰ জন্মজয়ন্তী উদযাপনৰ দিনজোৰা কাৰ্যসূচীৰ।

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ জন্ম জয়ন্তী। বৰগীত, খোল-তাল, নামৰ ধ্বনিৰে দ্বিতীয় বৈকুন্ঠপুৰি সদৃশ পৰিৱেশ অসমৰ বিভিন্ন সত্ৰ নামঘৰ।

টীয়কৰ কানুপুখুৰী নবোদয় প্ৰাথমিক নামঘৰতো একে পৰিৱেশ বিৰাজ কৰিছে। পুৱাই নামঘৰত সকলো গঞাঁ একগোট হৈ গাঁওখনত ভাগৱত ভ্ৰমণৰ লগতে এক সাংস্কৃতিক শোভাযাত্ৰাৰে দিনজোৰা কাৰ্যসূচীৰ আৰম্ভ কৰে।

লগতে পঢ়ক :  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন

ভাগৱত ভ্ৰমণৰ পথছোৱাত ভক্তপ্ৰাণ ৰাইজে পদূলিত শৰাই আগবঢ়াই আশীষ বিচাৰে।শোভাযাত্ৰাৰ পাছতে অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে দিহানাম, বৰগীত আদি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply