প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক : জাতিৰ পিতা মহাত্মা গান্ধীৰ পৰিনাতিনীৰ বিৰুদ্ধে জালিয়াতি আৰু প্ৰৱঞ্চনাৰ গোচৰ। দক্ষিণ আফ্ৰিকাত বাস কৰা গান্ধীজীৰ পৰিনাতিনী ৫৬ বছৰীয়া আশিস লতা ৰামগোবিনক সোমবাৰে ডাৰ্বান আদালতে এটা প্ৰৱঞ্চনা আৰু জালিয়াতিৰ গোচৰত ৭ বছৰৰ কাৰাদণ্ড বিহে।

সোমবাৰে ঘোষণা কৰা আদালতৰ ৰায়ত আশিল লতা ৰামগোবিনক প্ৰৱঞ্চনা আৰু জালিয়াতিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছতেই কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় গান্ধী পৰিয়ালৰ সদস্যগৰাকীক।

আশিস লতাৰ বিৰুদ্ধে এজন স্থানীয় ব্যৱসায়ীৰ পৰা প্ৰৱঞ্চনাৰে ৬২ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ভুক্তভোগী ব্যৱসায়ী এছ আৰ মহাৰাজৰ মতে লতাই নিজকে ব্যৱসায়ী বুলি পৰিচয় দি তেওঁৰ পৰা টকা সৰকাই নিছিল। লতাই ব্যৱসায়ীগৰাকীক লাভৰ অংশ দিব বুলি কৈ তেওঁৰ পৰা ভাৰতৰ পৰা অহা এটা ভূৱা কনচাইন্টমেন্টৰ আমদানি আৰু কাষ্টম ক্লিয়াৰেন্সৰ বাবদ ৬২ লাখ টকা আগধন লৈছিল।

প্ৰসিদ্ধ মানৱ অধিকাৰ কৰ্মী ইলা গান্ধী আৰু প্ৰয়াত মেৱা ৰামগোবিন্দৰ কন্যা লতা ৰামগোবিনক ডাৰ্বান স্পেচিয়েলাইজড কমাৰ্চিয়েল ক্ৰাইম আদালতে দোষী সাব্যস্ত কৰাৰ বিৰুদ্ধে কোনো আপীল কৰাৰ অনুমতিও প্ৰত্যাখ্যান কৰে ।

২০১৫ চনত তেওঁৰ বিচাৰৰ সময়ত নেচনেল প্ৰচিকিউচন অথৰিটী (NPA)ৰ ব্ৰিগেডিয়াৰ হাংৱানী মুলোদজীয়ে আদালতক কৈছিল যে তেওঁ সম্ভাব্য বিনিয়োগকাৰীসকলক সৈমান কৰিবলৈ ভুৱা চালান আৰু নথিপত্ৰ প্ৰদান কৰিছিল। সেই সময়ত ৫০,০০০ ৰেণ্ড (২.৬৮ লাখ টকা)-ত ৰামগোবিনক জামিনত মুক্তি দিয়া হৈছিল।

লগতে পঢ়ক : প্ৰস্তাৱিত কাৰ্বি চুক্তি মানি নলয় নাগা বিদ্ৰোহী গোট এন এছ চি এনে

সোমবাৰে শুনানিৰ সময়ত আদালতক কোৱা হৈছিল যে লতা ৰামগোবিনে দ্য নিউ আফ্ৰিকা এলায়েন্স ফুটৱেৰ ডিষ্ট্ৰিবিউটৰৰ সঞ্চালক মহাৰাজক ২০১৫ চনৰ আগষ্টত লগ ধৰিছিল।

মহাৰাজৰ কোম্পানীয়ে কাপোৰ, লিনেনৰ কাপোৰ আৰু জোতা আমদানি, নিৰ্মাণ আৰু বিক্ৰী কৰে। লতা ৰামগোবিনে মহাৰাজক তেওঁ দক্ষিণ আফ্ৰিকাৰ চিকিৎসালয় গোট নেটকেয়াৰৰ বাবে লিনেন কাপোৰৰ তিনিটা পাত্ৰ আমদানি কৰা বুলি কৈছিল। আমদানি ব্যয় আৰু শুল্ক পৰিশোধ কৰিবলৈ ধনৰ নাটনি হোৱাৰ লগতে বন্দৰত সামগ্ৰী খালী কৰিবলৈ ধনৰ প্ৰয়োজন বুলি অজুহাত দেখুৱাই লতাই এছ আৰ মহাৰাজৰ পৰা ধন সংগ্ৰহ কৰা বুলি এনপিএৰ মুখপাত্ৰ নাতাশা কাৰাই সোমবাৰে আদালতক কয়।

এছ আৰ মহাৰাজৰ পৰা ৬২ লাখ টকা সংগ্ৰহ কৰিবলৈ তেওঁ ভাৰতৰ পৰা কনচাইন্টমেন্ট আমদানিৰ বাবে ভুৱা বিল দেখুৱাইছিল। কিন্তু অৱশেষত মহাৰাজে গম পাইছিল যে তেওঁক দেখুওৱা নথিপত্ৰবোৰ ভুৱা আছিল আৰু তাৰ পিছত লতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। এনজিঅ’ ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ নন ভায়োলেন্সৰ কাৰ্যবাহী সঞ্চালক ৰামগোবিনে নিজকে এজন পৰিৱেশ, সামাজিক আৰু ৰাজনৈতিক কৰ্মী হিচাপে উপস্থাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply