ছয়গাঁও: বিশ্বৰ আগশাৰীৰ গাড়ী নিৰ্মাতা মহিন্দ্ৰাৰ এছ পি প্লাচ নামৰ এখন অতি উন্নতমানৰ টেক্টৰ শুকুৰবাৰে ছয়গাঁওস্থিত ডিলাৰত মুকলি কৰা হয় ৷ ছয়গাঁৱৰ ভাটাপাৰাত থকা এম এ জি হুইলচ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ ডিলাৰটোত মুকলি কৰা হয় এই অত্যাধুনিক টেক্টৰখন ৷
শুকুৰবাৰে অনুষ্ঠিত এই মুকলি অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকী খেতিয়ক,টেক্টৰৰ দ্ৰাইভাৰৰ লগতে গ্ৰাহকো উপস্থিত থাকে ৷ অনুষ্ঠানত উপস্থিত আটাইকে একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ৷ নাৰিকল ভাঙি টেক্টৰখন মুকলি কৰাৰ লগতে নতুন টেক্টৰখনৰ সা সুবিধাৰ বিষয়ে এল চি ডিত দেখুওৱা হয় ৷
প্ৰথমবাৰৰ বাবে বজাৰলৈ অহা এই টেক্টৰখনৰ ৬ বছৰৰ গেৰাণ্টিৰ লগতে ইন্ধন খৰচ কম বুলি ডিলাৰটোৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে ৷ লগতে এই মাহত এইখন টেক্টৰ ক্ৰয় কৰা গ্ৰাহকলৈ বাম্পাৰ অফাৰ হিচাপে ৰটাভেটৰ আৰু ট্ৰেইলৰ আগবঢ়োৱা হৈছে ৷
এই অনুষ্ঠানত গ্ৰাহক সেৱা প্ৰৱন্ধক জাফৰি আহমেদ , এৰিয়া মেনেজাৰ ইণ্ডিকা ভূঞা,দুই প্ৰৱন্ধক ক্ৰমে দেৱজিৎ ঠাকুৰীয়া আৰু সুভান সিনহা উপস্থিত থাকে ৷
লগতে পঢ়ক কেনেদৰে চলিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দিচাংমুখ ফেৰী ঘাট