সোণাৰি: মন্ত্ৰী যোগেন মহনৰ সমষ্টিত পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে জনসাধাৰণক। মাহমৰা সমষ্টিৰ বহু কেইটা গুৰুত্বপূৰ্ণ পথ এতিয়াও নিৰ্মাণৰ অভাৱত বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ কৰা মাহমৰা সমষ্টিৰ ভৰালী পুখুৰী পঞ্চায়তৰ অন্তৰ্গত ক্ষেত্ৰপালৰ পৰা দূৰীবাম সংযোগী পথটো আজিও পুনৰ নিৰ্মাণ নকৰাত ত্ৰাহি মধুসূদন দেখিছে ৰাইজে।

পথৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰোগীক চিকিৎসাৰ বাবে নিয়াৰ ক্ষেত্ৰতো ব্যাপক সমস্যাৰ সন্মুখীন হৈছে এই পথচোৱাত। প্ৰায় ডেৰ কিলোমিটাৰ পথচোৱাই কেইবাখনো গাঁৱৰ যাতায়তৰ অন্যতম মূল পথ যদিও, আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নোহোৱাত ৰাইজে অসন্তুষ্ট হৈ উঠিছে।

মন কৰিবলগীয়া যে, বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল যদিও পথটোত আজিলৈকে শিলগুটি এটাও নপৰাত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰা হৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply