সোণাৰিঃ একালৰ ছাত্ৰ নেতা তথা বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে পুনৰ দাঙি ধৰিছে মহানুভৱতাৰ নিদৰ্শন।
এইবাৰ মাহমৰা সমষ্টিৰ এটি দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কাষত সাংসদগৰাকীয়ে। মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত এঙেৰা কোঁৱৰ গাঁৱৰ নিবাসী প্ৰণৱজ্যোতি কোঁৱৰ নামৰ যুৱকগৰাকীৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ আয়ুৰচন্দ্ৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।
উল্লেখ্য যে, যুৱকজন বিদুৎ বিভাগৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল। কোম্পানীটোত কৰ্মৰত অৱস্থাতে টাৱাৰৰ পৰা পৰি কঁকালত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ লৰচৰ কৰিব নোৱাৰি ঘৰতে অসহায় অৱস্থাতে আছিল দুটা বছৰ ।
আৰু পঢ়কঃতেজপুৰৰ প্ৰকৃতিপ্ৰেমী তথা সৰ্পবন্ধু সৌৰভ বৰকটকীক বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ শলাগ
শেহতীয়াকৈ যুৱকজনৰ এই দুৰ্দশাৰ কথা জানিব পাৰি সাংসদ তপন কুমাৰ গগৈয়ে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক লগত লৈ যুৱকজনৰ বাসগৃহত উপস্থিত হয় আৰু যুৱকৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি গুৱাহাটীৰ আয়ুৰচন্দ্ৰা চিকিৎসালয়ৰ কৰ্ত্তৃপক্ষৰ সৈতে যোগাযোগ কৰে।
আনহাতে যুৱকজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয় খনলৈ প্ৰেৰণ কৰাৰ লগতে চিকিৎসাৰ খৰছ বহনৰ দায়িত্ব লয় সাংসদগৰাকীৰ লগতে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
মন কৰিবলগীয়া যে, পূৰ্বৰে পৰা বিভিন্ন জন লোকক সহায়ৰ হাত আগবঢ়ায় মানৱতাৰ নিদৰ্শন দাঙি ধৰা সাংসদ তপন কুমাৰ গগৈয়ে শেহতীয়াকৈ শিৱসাগৰ জিলাৰ হাঁহচৰাৰ এগৰাকী যুৱতীৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰাৰ উপৰিও বহুজন দুৰ্দশগ্ৰস্ত লোকৰ কাষত ঠিয় হৈ সহায়ৰ হাত আগবঢ়াই আহিছে।