যোৰহাট : অনিমেষ ভূঞাক মৰিয়াই মৰিয়াই হত্যা কৰা মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা লৰাৰ মৃত্যু। আজি পুৱতি নিশা এক পথ দুর্ঘটনাত মৃত্যু হয় নিৰজ দাসৰ। আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে অন্য এখন বাহনে মহতিয়াই নিয়ে নিৰজ দাসক।
অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নিৰজ দাস যোৰহাট-মৰিয়নি পথৰ খৰীয়া চুকত এক পথ দুৰ্ঘটনাত নিহত হয়। আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰা নিজৰ দাসক অন্য এখন আৰক্ষীৰ বাহনে মহতিয়াই নিয়ে। আহত নিজৰ দাসক চিকিৎসালয় নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে নিৰজ দাসক।
এই পথ দুৰ্ঘটনাত তিনিজনকৈ আৰক্ষীৰ লোক আহত হৈছে। নিৰজ দাস ড্ৰাগছ ব্যৱসায়ৰ লগতো জড়িত আছিল। আৰক্ষীয়ে নিৰজ দাসক লগত লৈ ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ যাওঁতে নিৰজ দাস আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলাই দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ মুখত পৰে।
লগতে পঢ়ক : ডবকাত অগ্নিকাণ্ড, জাহ গ’ল এটা বাসগৃহ
উল্লেখ্য যে সোমবাৰে যোৰহাটৰ ৰাজপথত তিনিজন যুৱকৰ ওপৰত জঁপিয়াই পৰিছিল ৫০ জনতকৈও অধিক লোক। এই গণ প্ৰহাৰত প্ৰাণ হেৰুৱাইছিল অনিমেষ ভূঞা নামৰ এজন যুৱক আৰু আহত হৈছিল অনিমেষ ভূঞাৰ দুই বন্ধু। এই নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল নিৰজ দাস।
আৰক্ষীৰ গুলীতহে ক’লা গুণ্ডা নিহত হোৱা বুলি শুনিছে মুখ্যমন্ত্ৰীয়ে। যোৰহাটত নিশা গাড়ীৰ খুন্দাত নিহতৰ কথা অৱগত নহয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ‘পলাবলৈ লওঁতেই আৰক্ষীয়ে গুলীওৱা বুলি শুনিছো’ বুলি কয়।